জ্যেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাক 'জন কণ্ঠ-২০২৩' বঁটা প্ৰদান

জ্যেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাক 'জন কণ্ঠ-২০২৩' বঁটা প্ৰদান

author-image
Asomiya Pratidin
New Update
জ্যেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাক 'জন কণ্ঠ-২০২৩' বঁটা প্ৰদান

জ্যেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাক 'জন কণ্ঠ-২০২৩' বঁটা প্ৰদান

ডিজিটেল সংবাদ কাজিৰঙাঃ অসমীয়া প্ৰতিদিনৰ বোকাখাতৰ সাংবাদিক জিতু শৰ্মা ৰাজখোৱালৈ আগবঢ়োৱা হৈছে জন কণ্ঠ-২০২৩ বঁটা৷ প্ৰয়াত খগেন্দ্ৰ নাথ বৰাৰ স্মৃতিত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছে এই বঁটা৷

Advertisment

শনিবাৰে নিশা বোকাখাতত অনুষ্ঠিত হোৱা 'ফেচেংবৰ এনিশা' অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা৷ উল্লেখ্য যে বিগত তিনিটা দশকে বোকাখাতৰ সংবাদক্ষেত্ৰখনিত এক সুস্থ বাতাবৰণ আনিবলৈ অহৰহ কচৰৎ কৰি অহা জ্যেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্বত আছে৷

উজনি অসম বিকলাংগ কেন্দ্ৰৰ বৰ্তমানৰ সভাপতিৰ দায়িত্বত থকা জিতু শৰ্মা ৰাজখোৱা বহু দল-সংগঠনৰ বিভিন্ন দায়িত্বত আছে৷ আনন্দপুৰ চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক, ৰূপজ্যোতি সংঘৰ প্ৰতিষ্ঠাপক, চি এন বি মহাবিদ্যালয়ৰ আহ্বায়ক তথা প্ৰতিষ্ঠাপক, বোকাখাত টাউন প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক, বোকাখাত নাট্য মন্দিৰৰ বৰ্তমানৰ সম্পাদক, বোকাখাতৰ লাচিত বজাৰ, ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ প্ৰতিষ্ঠাতা, বোকাখাত মহকুমা দাবী সমিতিৰ সম্পাদক, ৰেলৱে দাবী সমিতিৰ সম্পাদকৰ দায়িত্বত থকা জিতু শৰ্মা ৰাজখোৱাক এই বঁটা প্ৰদান কৰাৰ বাবে বোকাখাতৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জনাইছে৷

ফেচেংবৰ হেৰিটেজ নামৰ সংগঠনটোৰ তৰফৰ পৰা জনোৱা অনুসৰি, ১৯৯২ চনৰ পৰা একাদিক্ৰমে বোকাখাতৰ সদৰ চাৰিআলিত অনুষ্ঠিত হৈ অহা ফেচেংবৰ এনিশা এইবাৰো শনিবাৰে নিশা অনুষ্ঠিত কৰা হয়৷ এই উপলক্ষে শনিবাৰৰ সন্ধিয়াৰে পৰা বৰ্ণিল সাংস্কৃতিক সমাহাৰেৰে বোকাখাত ডিফলু ৰোডত অনুষ্ঠিত হয় ফেচেংবৰ এনিশা৷

বাচকবনীয়া গীত আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে বাৰ্ণাঢ্য হৈ পৰে এই অনুষ্ঠান৷ এই কাৰ্যসূচীত সমাজলৈ সেৱা আগবঢ়োৱা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক উৎসাহিত কৰিবলৈ এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰয়াত খগেন্দ্ৰ নাথ বৰাৰ স্মৃতিত 'জন কণ্ঠ বঁটা' প্ৰদানৰ ব্যৱস্থা কৰে আয়োজকে৷

আনহাতে, এই ফেচেংবৰ এনিশাৰ অনুষ্ঠানত আন কেইবাটাও বঁটা প্ৰদান কৰে উদ্যোক্তাসকলে৷ সেইমতে, ফেচেংবৰ হেৰিটেজ 'জন সেৱা-২০২৩ বঁটা গুৱাহাটীৰ জয়ন্ত খাউণ্ডক, ফেচেংবৰ হেৰিটেজ 'উদীয়মান সাংস্কৃতিক বঁটা-২০২৩' শিল্পী বৰ্ষাগ্নী ডেকা আৰু ৰক্তিম ৰাজ নাথক বঁটা প্ৰদান কৰা হয়৷

Also Read: ধেমাজি জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্নঃ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কেইবাটাও সিদ্ধান্ত

বোকাখাত