আৰক্ষীৰ জালত কুকী উগ্ৰপন্থীৰ সদস্য : আপত্তিজনক সামগ্ৰীসহ নগদ ধন জব্দ

আৰক্ষীৰ জালত কুকী উগ্ৰপন্থীৰ সদস্য : আপত্তিজনক সামগ্ৰীসহ নগদ ধন জব্দ

author-image
Asomiya Pratidin
New Update
আৰক্ষীৰ জালত কুকী উগ্ৰপন্থীৰ সদস্য : আপত্তিজনক সামগ্ৰীসহ নগদ ধন জব্দ

ডিজিটেল ডেস্ক : অসম আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চৰ সাফল্য। শুকুৰবাৰে পুৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ টোল গেটৰ সমীপত এছ টি এফৰ দলে বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

Advertisment

এছ টি এফৰ দলটোৱে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত সোণাপুৰত এখন বাহনৰ পৰা কেতবোৰ সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰে। জানিব পৰা মতে, মণিপুৰৰ নিষিদ্ধ কুকী সংগঠনে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ লক্ষ্যৰে সামগ্ৰীসমূহ সৰবৰাহ কৰিছিল বুলি সন্দেহ কৰা হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে এছ টি এফৰ দলটোৱে গুৱাহাটীৰ ছয়মইলৰ পৰা যোৱা এএছ ০১ এফ ইউ ৩৯২৭ নম্বৰৰ বাহনখন অনুসৰণ কৰি আছিল। বাহনখনত থকা লোকৰ ওপৰত সন্দেহ ওপজাত সোণাপুৰৰ টোলগেটত তালাচী চলাই কেতবোৰ সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰে।

এছ টি এফৰ দলটোৱে বাহনখনৰ পৰা মণিপুৰৰ এজন যুৱকক আটক কৰে আৰু ড্ৰোনত ব্যৱহাৰ কৰা ১০ টিবি ইন্টালিজেণ্ট ফ্লাইট বেটেৰী, ৩,৪০,০০০ নগদ ধন, ৪যোৰ জোতা আৰু এটা মোবাইল ফোন জব্দ কৰে।

আৰক্ষীয়ে আটক কৰা যুৱকজন নিষিদ্ধ কুকী সংগঠনৰ সদস্য বুলি সন্দেহ প্ৰকাশ কৰে। যুৱকজনৰ নাম কিতজেন। তেঁওৰ ঘৰ মণিপুৰৰ কাংপোকপি জিলাৰ চাপোৰমেইনা আৰক্ষী থানাৰ অন্তৰ্গত গামঙ্গাই গাঁৱত। তেঁওৰ বয়স প্ৰায় ২৭ বছৰ।

ইয়াৰোপৰি ধৃত যুৱকজনৰ সৈতে দুজন নাবালক বাহনখনত আছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে যুৱক আৰু জব্দকৃত সামগ্ৰীখিনিৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে।

Also Read: দ্বাদশ ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতাত ৮টা পদকেৰে উজলিল অসম...

Assam police