/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/67bee909-a40b-4a5e-9850-7e415b66e4fc/404.jpg)
দ্বাদশ ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতাত ৮টা পদকেৰে উজলিল অসম
ডিজিটেল ডেস্ক : দ্বাদশ ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা - ২৪ত ৮টা পদক জয়ৰে উজলিল অসম। ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত উৰিষ্যাৰ ভূৱনেশ্বৰস্থিত কীট বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল শীৰ্ষৰ প্ৰতিযোগিতাখন।
উক্ত প্ৰতিযোগিতাখন ১০, ১১, ১২ আৰু ১৩ জুন চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছিল। উল্লেখ্য যে দ্বাদশ ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতাত অসমৰ ৩০ গৰাকী পুৰুষ আৰু মহিলা খেলুৱৈয়ে অংশ লৈছিল।
অসমৰ খেলুৱৈসকলে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ'ল' আদি বিভাগত প্ৰতিযোগিতা আগবঢ়াই ২টা সোণ, ৩টা ৰূপ আাৰু ৩টা ব্ৰঞ্জসহ মুঠ ৮টা পদক জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে। দেশৰ ৩৬ ৰাজ্যৰ লগতে চি আই এছ এফ, এছ এছ বি, আচাম ৰাইফল্ছ আদি ৪০ টা খেলুৱৈ দলৰ মুঠ ৯৮৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল প্ৰতিযোগিতাখনত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/33f4f1c0-f14f-40d0-9e92-1b2cb795450b/01fd7afe-546c-46b8-a590-f358d448152c.jpg)
উক্ত প্ৰতিযোগিতাখনিত অসমৰ হৈ টেণ্ডিং (যুঁজ) শাখাত গোলাঘাট জিলাৰ লাকী দাস আৰু প্ৰেৰণা হাজৰিকাই সোণৰ পদক অৰ্জন কৰে। একেদৰে ধেমাজী জিলাৰ চিলাপথাৰৰ খেম কুমাৰী প্ৰধানে ৰূপ, প্ৰেম দেউৰী আৰু দীপক টামাঙে ব্ৰঞ্জৰ পদক লাভ কৰে।
ইয়াৰোপৰি গোৱালপাৰা জিলাৰ লক্ষ্মী ৰাভাই ৰূপ, প্ৰাঞ্জল ৰাভাই ব্ৰঞ্জৰ পদক আৰু বৰপেটা জিলাৰ অনামিকা হ'ৰে ৰূপৰ পদক জিনিবলৈ সক্ষম হয়। উল্লেখ্য যে আগন্তুক ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎৱ- ২০২৪ (উত্তৰাখণ্ড)ৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বাচনিক উপলক্ষে আয়োজন কৰা হৈছিল প্ৰতিযোগিতাখনি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/4aaafa80-55b3-4d86-b813-0f6db3e523e1/c0aaf9dd-d978-41c6-b8f4-77d244579965.jpg)
উক্ত প্ৰতিযোগিতাত পদকপ্ৰাপ্তসকলৰ লগতে টেণ্ডিং (যুঁজ) শাখাত অসমৰ দিবাকৰ ৰাভা, ডিম্পল ৰাভা, টিপু পাতিৰ, ঔম চেত্ৰী, বিক্ৰম ৰাভা, ৰীমা ৰাভাই ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰি ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎৱলৈ বাচনি হয়। ইফালে আৰ্টিষ্টিক শাখাত অনন্যা শইকীয়া, সবিতা মোছাহাৰী, সোনালী মোছাহাৰী, ৰিকী খাৰ্কা, মঞ্জয় চেত্ৰী আৰু মনিষ চেত্ৰীয়ে কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/0aa24ca9-fdf9-4a63-a9d6-284a0e6c44a7/34f3c581-363c-44d9-b027-e95d09f0e4b3.jpg)
এইকেইগৰাকী খেলুৱৈও আগন্তুক ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎৱৰ বাবে নিজৰ নাম বাচনিৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে বুলি অসম পেনচাক চিলাট সন্থাৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলে জানিবলৈ দিয়ে।
Also Read: লংকাত নিচাযুক্ত দ্ৰব্যসহ এজনক আটক