/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/cae5f734-5661-48d2-a7f8-0151c88bf525/sarba_jayanta.jpg)
ডিজিটেল ডেস্কঃ অসম অলিম্পিক সংস্থাৰ উদ্যোগত আজি লাভলীনা বৰগোহাঁই,নয়নমণি শইকীয়াকে ধৰি কেইবাগৰাকীও ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয়া খ্যাতি সম্পন্ন খেলুৱৈক সম্বৰ্দ্ধনা জনোৱা হয়। গুৱাহাটী মহানগৰীস্থিত তাজ ভিভাণ্টাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত খেলুৱৈ কেইগৰাকীক সংস্থাৰ তৰফৰ পৰা এই সম্বৰ্দ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/75f40779-1883-47ff-883e-a2bb544c5ce0/FtmeP4uacAEzCGx.jpg)
সম্বৰ্দ্ধিত খেলুৱৈসকলৰ ভিতৰত আছিল বিশ্ব চেম্পিয়ন তথা অলিম্পিক মেডেলিষ্ট লাভলীনা বৰগোহাঁই, কমনৱেলথ গেমছৰ স্বৰ্ণ জয়ী নয়নমণি শইকীয়া,বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত পদক জয় কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কল্পনা চৌধুৰী,প্ৰতিভাৱান বক্সাৰ যমুনা বড়ো, অংকুশিতা বড়ো,ফাইলাও বসুমতাৰী আদি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1df338b3-3304-4cbb-978d-100275cea6ab/FtmeRROacAYt3XU.jpg)
এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সংস্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল, সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা, প্ৰবীণ ৰাজনৈতিক নেতা তথা ৰাজ্যসভাৰ সাংসদ ভূবনেশ্বৰ কলিতা, প্ৰাগ নিউজৰ সঞ্চালক সঞ্জীৱ নাৰায়ণ, এন ডি ২৪ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা,জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈৰ লগতে অসম অলিম্পিক সংস্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, কোষাধ্যক্ষ তপন কুমাৰ দাস,উপ-সভাপতি বিষ্ণুৰাম নুনিচা, বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সচিব হেমন্ত কুমাৰ কলিতা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d5f4986e-b034-4fee-8ce2-3b9358e5007f/FtmeR58aAAIleR3.jpg)
অনুষ্ঠানত ভাষণ প্ৰসংগত সৰ্বানন্দ শোণোৱালে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ বিশ্বত ভাৰতে ক্ৰীড়াৰ জৰিয়তে এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। লগতে তেওঁ কয় 'ক্ৰীড়াক উজ্জিৱিত কৰাৰ বাবে আমি দায়বদ্ধ।'
আনহাতে অনুষ্ঠানত বক্সাৰ লাভলীনাই কয় 'এনে মৰম-চেনেহে আমাক নতুনকৈ সপোন দেখাত আমাক সহায় কৰে'। লগতে তেওঁ ৰাজ্যখনৰ পৰা আৰু অধিক ক্ৰীড়া প্ৰতিভা উলিয়াই অনাৰ প্ৰচেষ্টাৰ কথাও দোহাৰে।
ইয়াৰ বাবে তেওঁ 'লাভলীনা ফাউণ্ডেচন' গঠন কৰাৰ কথা কয়। এই ফাউণ্ডেচনৰ জৰিয়তে প্ৰথম পৰ্যায়ত প্ৰায় এহাজাৰ ক্ৰীড়া প্ৰতিভা উলিয়াই আনিবলৈ চেষ্টা কৰিব।
Also Read: ডিমৰীয়া বিহু আদৰণি উৎসৱৰ সামৰণি : 'ডিমৰুৱা' উন্মোচন কৰে অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই