/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3f93ed13-5944-40a4-8db1-e988fb94ca4f/jayanta_barua.jpg)
ডিজিটেল ডেস্কঃ ডিমৰীয়া মিনি ষ্টেডিয়ামত বিহু আদৰণি উৎসৱ। ১১,১২ আৰু ১৩ এপ্ৰিলত আন্তঃ ডিমৰীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সোণাপুৰ ছাত্ৰ সন্থাৰ সহযোগত বিহু আদৰণি উৎসৱৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/24f2d91d-f6c9-4ab9-95e3-a2c9c7f25583/d7e4a757_73f3_4319_b00c_cc87277b1e3e.jpg)
বৃহস্পতিবাৰে বিহু আদৰণি উৎসৱৰ সামৰণি কাৰ্যসূচীত পুৱাৰ ভাগত পৰম্পৰাগত খেল আৰু পিঠা-পনা প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ড অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি বিয়লি মুকলি সভাত 'ডিমৰুৱা' শীৰ্ষক স্মৰণিকা উন্মোচন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1b126bea-7074-49d8-b927-4e9989bbd373/03da07c6_ca86_44ae_b82f_6a9c69caab2a.jpg)
স্মৰণিকাখনি উন্মোচন কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই। এই অনুষ্ঠানতে উপস্থিত থকা সাদিন-প্ৰতিদিন গোষ্ঠীৰ ৰুবী বৰুৱা, সংগীত শিল্পী অজন্তা গোস্বামীক আয়োজক সমিতিয়ে উষ্ম আদৰণি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/fea9cfd9-b382-4d7b-a533-0cc70e088f63/844d0dc8_7c2e_4a7d_9b00_a80bffcd29c2.jpg)
এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকা,সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক মিনাক্ষী দাস নাথ, স্বাস্থ্য আৰু পৰিয়াল কল্যান সঞ্চালকালয়ৰ সঞ্চালক কমলজিৎ তালুকদাৰ, উত্তৰ-পূৱ ৰেলৱেৰ মুখ্য অভিযন্তা প্ৰণৱজ্যোতি শৰ্মা, গোগামুখ মহাবিদ্যালয়ৰ ড০ ঠগীৰাম গগৈ, বিশিষ্ট সাংবাদিক ৰাজদ্বীপ বাইলং বৰুৱা, বিশিষ্ট সাংবাদিক ছায়ামণি ভূঞা আদিৰ লগতে বহু গণ্য মান্য ব্যক্তি।
গোগামুখ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ঠগীৰাম গগৈকে ধৰি ভালেকেইজন গণ্য মাণ্য ব্যক্তিয়ে অনুষ্ঠানটিত উপস্থিত থাকি শোভাবৰ্ধন কৰে। বিহু আদৰণি উৎসৱৰ সামৰণি অনুষ্ঠানত অসংখ্য লোকৰ লগতে কণ-কণ শিশুৱে উপস্থিত থাকি অন্য এক মাত্ৰা প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/7db7d55a-c299-460c-a14c-467c69832f77/ea9de29c_5956_422e_a223_308d65bf6cc4.jpg)
উল্লেখযোগ্য যে অঞ্চলটোৰ তিৱা,ৰাভা,কাৰ্বি, চাহ জনগোষ্ঠীয় লোকসকলে একত্ৰিত হৈ প্ৰতিবছৰে বিহু আদৰণি উৎসৱৰ আয়োজন কৰি আহিছে। আনহাতে ডিমৰীয়া মিনি ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল বিহুৰ কৰ্মশালা।
Also Read: ড্ৰাগছ ব্যৱসায়ৰ মুখ্যদ্বাৰ হৈ পৰিছে বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰ