প্ৰধানমন্ত্ৰীৰ সংগঠনৰ উদ্যোগত থিতাতে ছবি অঁকা প্ৰতিযোগিতাত প্ৰথম স্থান দখল শ্ৰুতি কলিতাৰ...

প্ৰধানমন্ত্ৰীৰ exam warriors( পৰীক্ষা যোদ্ধা)ৰ মন্ত্ৰৰ ওপৰত কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উদ্যোগত সোমবাৰে (২৩ জানুৱাৰীত) ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ত থিতাতে ছবি অকাঁ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
প্ৰধানমন্ত্ৰীৰ সংগঠনৰ উদ্যোগত থিতাতে ছবি অঁকা প্ৰতিযোগিতাত প্ৰথম স্থান দখল শ্ৰুতি কলিতাৰ...

ডিজিটেল সংবাদ,ৰঙিয়া: প্ৰধানমন্ত্ৰীৰ exam warriors( পৰীক্ষা যোদ্ধা)ৰ মন্ত্ৰৰ ওপৰত কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ উদ্যোগত সোমবাৰে (২৩ জানুৱাৰীত) ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ত থিতাতে ছবি অকাঁ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । সোমবাৰে দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ নৱম শ্ৰেণীৰ পৰা ওপৰৰ ক্লাছৰ কেইবাখনো বিদ্যালয়ৰ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰে ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ পুৰুষোত্তম সিনহাই ।

উক্ত থিতাতে ছবি অঁকা প্ৰতিযোগিতাত জৱাহৰ নৱোদয় বিদ্যালয়, কামৰূপৰ ছাত্ৰী শ্ৰুতি কলিতাই প্ৰথম, ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী বনাক্ষী ডেকাই দ্বিতীয়, চাৰ্ছ পাব্লিক স্কুলৰ ছাত্ৰ সৌৰভজ্যোতি বড়োই তৃতীয়,ফাতিমা কনভেন্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ নুপুৰ ইংতিপিয়ে চতুৰ্থ আৰু ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী অনামিকা ৰামছিয়াৰীয়ে পঞ্চম স্নান অধিকাৰ কৰে ।

প্ৰতিযোগিতাৰ অন্তত অধ্যক্ষ পুৰুষোত্তম সিংহাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাত উক্ত স্থান লাভ কৰা পাঁচ গৰাকী ছাত্ৰ- ছাত্ৰীকে প্ৰমাণ পত্ৰসহ বঁটা প্ৰদান কৰা হয় । বঁটা বিতৰণী সভাত ভৱজিৎ বৰ্মন, সুৰেন ডেকা,বন্দনা তালূকদাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি প্ৰধানমন্ত্ৰীৰ books of exam warriors সম্পৰ্কত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ।

আৰু পঢ়ক: পুনৰ বিতৰ্কত মঙলদৈ অসামৰিক চিকিৎসালয়, মৃতদেহক লৈ হাহাকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in