অসম-মেঘালয়ৰ ভূমি বিবাদঃ কইনাধৰাত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠক

অসম-মেঘালয় ভূমি বিবাদ সম্পূৰ্ণৰূপে দূৰ কৰাৰ উদ্দেশ্যৰে বুধবাৰে পুনৰ বৈঠকত মিলিত হয় দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী

author-image
Asomiya Pratidin
New Update
৩০০ আসন লাভেৰে পুনৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী- হিমন্ত বিশ্ব শৰ্মা...

ডিজিটেল ডেস্কঃ অসম-মেঘালয় ভূমি বিবাদ সম্পূৰ্ণৰূপে দূৰ কৰাৰ উদ্দেশ্যে বুধবাৰে পুনৰ বৈঠকত মিলিত হয় দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী । ৬ টা বিবাদিত স্থানক লৈ দুয়োখন ৰাজ্যৰ দুই মুখ্যমন্ত্ৰীদ্বয় ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ লগতে সতীৰ্থসকলৰ সৈতে কইনাধৰাত এখন বৈঠক অনুষ্ঠিত হয় ।

Advertisment

আজিৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই সাংবাদিকৰ আগত মন্তব্য় প্ৰদান কৰি কয় যে ইতিমধ্যেই ১২ টা বিবাদমান স্থানৰ ভিতৰত ৬ টাৰ এলেকাৰ সমস্যা সমাধান হৈছে আৰু ৬ স্থানৰ সমাধান কৰিবলৈ বাকী আছে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰে পৰা আমি গঠন কৰি দিয়া আঞ্চলিক কমিটি সমূহে এই ৬ অৱশিষ্ট বিবাদমান এৰিয়ালৈ গৈ ৰাইজৰ সৈতে মত বিনিময় কৰি সমাধানৰ চেষ্টা কৰিব ।

তদুপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে চলিত বৰ্ষৰ জুন মাহৰ শেষৰ ফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু তেওঁ কাৰ্বি আংলং আৰু জয়ন্তীয়া পাহাৰৰ যি বিবাদিত অঞ্চল তালৈ গৈ ভ্ৰমণ কৰিব আৰু ৰাজ্য দুখনলৈ শান্তি ঘূৰাই অনাৰ চেষ্টা কৰিব।

Also Read: বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে ভাৰত-ভূটান সীমান্তত ২০০০ গছপুলি ৰোপনৰ লক্ষ্য...

land dispute HIMANATA BISWA SARMA Conrad Sangma