/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/703dbd7e-3cbb-47b7-b91e-9742e0b374d7/gaspuli.jpg)
গছপুলি ৰোপন
ডিজিটেল সংবাদ, তামুলপুৰঃ বাক্সা জিলা বন প্ৰাধিকৰণৰ অন্তৰ্গত তামুলপুৰৰ কুমাৰীকাটা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনত মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্য তথা মানস ব্যাঘ্ৰ প্ৰকল্পৰ পূব প্ৰান্তৰ ভাৰত-ভূটান সীমান্তৰ বনাঞ্চলৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপন বন বিভাগৰ ৷ গোলকীয় উষ্ণতা বৃদ্ধি, পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ স্বাৰ্থতে বনাঞ্চল সংৰক্ষণ কৰিবলৈ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যলয়ৰ উদ্যোগত ভাৰত-ভূটান সীমান্তৰ পাহাৰৰ দাতিকাষৰীয়া অঞ্চলত দুই হেজাৰ গছপুলি ৰোপনৰ পদক্ষেপ গ্ৰহন কৰিছে ৷
অহা ৫ জুন বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এই পদক্ষেপ কুমাৰীকাটা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ । বুধবাৰে বগৰিখুটি বন বিভাগৰ শিবিৰৰ পৰাই আৰম্ভ কৰা হয় এই কাৰ্যসূচী।
পাহাৰৰ দাঁতিকাষৰীয়া বনাঞ্চলৰ অঞ্চলৰ বন্যভূমি অৱনমিত হোৱা বনাঞ্চল তথা বিভিন্ন শিক্ষানুষ্ঠান আৰু অৱনমিত অৰণ্য সমূহত ৰোপন কৰা হ'ব গছপুলি সমূহ । ২০০০ ৰ তকৈ অধিক গছপুলি ৰোপনৰ লক্ষ্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/0ffba00f-a81c-4772-857f-b914e0e412c1/6e830cec_0913_4117_abb8_8742209c2b51.jpg)
মানস চৌচি খংগুৰ ইক' ট্যুৰিজিয়াম চছাইটি, গয়বাৰী ছয়পত্ৰী ফাউণ্ডেচন, আৰু বগৰিখুটি বন বিষয়া সকলে আজি আনুষ্ঠানিক ভাবে গছপুলি ৰুই আৰম্ভ কৰে এই কাৰ্যসূচীৰ। উল্লেখ্য যে, কুমাৰীকাটা আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অধীনৰ বিভিন্ন প্ৰান্তত আগন্তুক ৫ জুন তাৰিখলৈ লোৱা হৈছে এই কাৰ্যসূচী ৷
কুমাৰীকাটা বন বিষয়া বীৰেন কুমাৰ বড়োৰ নেতৃত্বত অহা ৫ জুনলৈ চলিব এই কাৰ্যসূচী। আনহাতে বগৰিখুটি বন শিবিৰৰ বিষয়া বলৰাম ডেকা আৰু কাশীনাথ বড়োৰ তত্বাৱধানত চলিব সীমান্তৰ অঞ্চল সমূহত গছপুলি ৰূপনৰ এই কাৰ্যসূচী।
Also Read: পুত্ৰ উজলিল ৯৬.৫% নম্বৰেৰে, সা-সুবিধা দিব নোৱাৰাকলৈ দুখ প্ৰকাশ পিতৃ-মাতৃৰ...