/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/239c6e1b-0112-43b9-a400-ca7260e06af0/labour_21.jpg)
অসম শ্ৰম সেৱা সংস্হাৰ ২৮ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন...
ডিজিটেল সংবাদ গুৱাহাটীঃ অসম শ্রম সেৱা সংস্হাৰ ২৮ সংখ্যক বাৰ্ষিক অধিবেশনখনি গুৱাহাটীৰ খানাপাৰাৰ তাজ ভিভান্তা হোটেলত মঙ্গলবাৰে অনুষ্ঠিত হৈ যায়। অধিৱেশনত শ্ৰম কল্যাণ বিভাগৰ অসম শ্ৰম সেৱা সংস্হাৰ প্ৰাপ্য অধিকাৰ বিশেষকৈ কেডাৰ ৰিভিউ,টাইম স্কেল ,সময়মতে পদোন্নতি ইত্যাদিকে ধৰি অন্যান্য বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যাৰ সম্পৰ্কে আলোচনা কৰা হয় ৷
অধিৱেশনত অসম চৰকাৰৰ শ্রম মন্ত্ৰী সঞ্জয় কিষাণ, শ্ৰম বিভাগৰ প্ৰধান সচিব ড° বি.কল্যাণ চক্ৰবৰ্তী, সচিব অভিজিত বৰুৱা, শ্রম আয়ুক্ত অনামিকা তিৱাৰী, অতিৰিক্ত শ্রম আয়ুক্ত কে.চিংচন, তিনি গৰাকী উপ শ্রম আয়ুক্তকে ধৰি অসম শ্ৰম সেৱা সংস্হাৰ বিষয়ববীয়া আৰু সদস্য - সদস্যাসকল উপস্থিত থাকে ৷ এই উপলক্ষে অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম শ্ৰম সেৱা সংস্হাৰ সভাপতি ভাস্কৰ মিলিয়ে
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/563e5ef8-d8d2-407b-9b05-939fc34fe463/778c1751_2483_4e65_8926_9ab733e8dc89.jpg)
সভাত শ্রম বিভাগৰ প্ৰধান সচিব আৰু শ্রম আয়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত বিভাগৰ বিষয়াসকলৰ কাৰ্য দক্ষতাক প্ৰসংশা কৰাৰ লগতে সংস্হাই উত্থাপন কৰা প্ৰাপ্য দাবীসমূহ কাৰ্য্যকৰী কৰাৰ বাবে অতি সোনকালে চৰকাৰৰ ফালৰ পৰা যাৱতীয় কাৰ্যব্যৱস্হা গ্ৰহণ কৰা আশ্বাস দিয়ে । একেদৰে অসম চৰকাৰৰ শ্ৰমমন্ত্ৰীগৰাকীয়ে বক্তব্যৰ অন্তত অতি কম দিনৰ ভিতৰতে চৰকাৰে এখনি চিন্তন বৈঠক অনুষ্ঠিত কৰা প্ৰয়োজনীয়া সম্পৰ্কে উল্লেখ কৰাৰ লগতে শ্ৰম বিভাগৰ গতিশীলতাৰ বাবে বিভাগৰ বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে প্ৰসংসা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8f6b9e81-1b9d-4fb0-a739-d310d46965bc/94f5a6d8_a683_4423_8679_564b94e61c33.jpg)
অসম শ্ৰম সেৱা সংস্হাৰ মাধ্যম কোষৰ মুখপাত্ৰ ড° ভৱজিৎ দলেয়ে চৰকাৰৰ এনেধৰনৰ ধনাত্মক চিন্তাই শ্ৰম বিভাগৰ বিষয়াসকলৰ কাম কৰাত আৰু অধিক মনোবল বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে। অসম শ্ৰম সেৱা সংস্হাৰ কাৰ্যকৰী সভাপতি হেমন্ত কলিতা আৰু সহকাৰী সম্পাদক কাচীব আহমেদে কেডাৰ ৰিভিউ আৰু টাইম স্কেলৰ সম্পৰ্কে প্ৰেজেণ্টেছন আগবঢ়ায়। কাৰ্য্যসূচীৰ অন্তত অসম শ্ৰম সেৱা বিষয়া সংস্হাৰ সাধাৰন সম্পাদক প্ৰসন্ন টায়ুঙে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতেই অধিৱেশনৰ সফল সামৰণি পৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8c4051f8-eac6-4a7a-96c7-f11b492f748f/f64358a3_e832_4f66_a93f_052bea57dcb1.jpg)
Also Read: সৌভাগ্যৰ দুৱাৰ মুকলি ! বিশ্বকাপ দলত স্থান পাব পাৰে অশ্বিনে...