/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/05ec969b-2bca-4264-ae26-6dc7c0955fd6/aswin_21.jpg)
সৌভাগ্যৰ দুৱাৰ মুকলি ! বিশ্বকাপ দলত স্থান পাব পাৰে অশ্বিনে...
ডিজিটেল ডেস্কঃ সৌভাগ্যৰ দুৱাৰ মুকলি হ'ব পাৰে ৰবীচন্দ্ৰন অশ্বিনৰ ! ভাগ্য সুপ্ৰসন্ন হোৱাৰ লগতে ৰোহিত, দ্ৰাবিড়ৰ মন গলিলে হয়তো স্থান লাভ কৰিব পাৰে বিশ্বকাপৰ দলত। অৱশ্যে এই সৌভাগ্যৰ দুৱাৰ অশ্বিনে নিজেই মুকলি কৰাৰ এক সুযোগ লাভ কৰিছে।
ভাৰতৰ মাটিত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ ক্ৰিকেটক লৈ ইতিমধ্যে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে যদিও এতিয়াও দলটোক লৈ বিতৰ্কৰ শেষ হোৱা নাই। বেটিং, বলিং, ফিল্ডিং সকলো ফালৰ পৰাই ভাৰাসাম্য ৰক্ষা কৰি এটা দল ঘোষণা কৰা হৈছে যদিও মূলতঃ অফস্পিনাৰ ৰবীচন্দ্ৰন আশ্বিনক এই দলটোত স্থান নিদিয়াক লৈ অসন্তুষ্ট হৈ আছে ক্ৰিকেট অনুৰাগীসকল।
ইয়াৰ মাজতে ৰোহিত শৰ্মাই অৱশ্যে ঘোষণা কৰিছিল এতিয়াও ৰবীচন্দ্ৰন আশ্বিনৰ বাবে বিশ্বকাপৰ দুৱাৰ মুকলি আছে। বিশ্বকাপৰ পূৰ্বে ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ভাৰত-অষ্ট্ৰেলিয়াৰ তিনিখন মেচৰ এদিনীয়া শৃংখলা।
বিশ্বকাপৰ দলত নথকা স্বত্বেও অতি গুৰুত্বপূৰ্ণ এই শৃংখলাৰ বাবে ঘোষণা কৰা দলত স্থান লাভ কৰিছে আৰ অশ্বিনে। এই তিনিখন এদিনীয়াত অশ্বিনে আগবঢ়োৱা প্ৰদৰ্শনৰ ওপৰতেই নিৰ্ভৰ কৰিব বহু কথা।
উল্লেখ্য যে, বিশ্বকাপৰ পূৰ্বে অক্ষৰ পেটেলে আঘাত পোৱাত এতিয়া চৰ্চালৈ আহিছে অশ্বিনৰ প্ৰসংগ। অক্ষৰৰ আঘাতে অশ্বিনক ঘূৰাই আনিলে ভাৰতীয় দলটোলৈ। মোহালিত আজি সংবাদ মেলত ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক আশ্বিনৰ প্ৰত্যাৱৰ্তনৰ বিষয়ক লৈ প্ৰশ্ন কৰা হৈছিল।
সাংবাদিৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, আমি সকলোৱে জানো অশ্বিন কিমান ডাঙৰ অফ স্পিনাৰ। সেইবাবেই তেওঁক দলত স্থান দিয়া হৈছে। দলত কোনোবাই আঘাত পালে আমি সকলো সময়তে বিকল্পৰ ব্যৱস্থা কৰিব লাগে। সেয়েহে অক্ষৰৰ স্থানত অশ্বিনক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সুযোগ প্ৰদান কৰা হৈছে। বাকী বোৰ দিশ ৰোহিত আৰু বিৰাটে আলোচনা কৰিব। যাতে বিশ্বকাপৰ পূৰ্বে যৌথভাৱে সঠিক দল লৈ খেল পথাৰত নামিব পাৰি।
ইয়াৰোপৰি দ্ৰাবিড়ে ৰোহিত শৰ্মাৰ অধিনায়ত্বৰ ওপৰত কয়, সকলো ট্ৰফীৰ ওপৰত নিৰ্ভৰ কৰি বিচাৰ কৰা নহয়। ৰোহিত বিশ্বমানৰ অধিনায়ক। কিন্তু দুৰ্ভাগ্যৰ কাৰণ হ'ল এতিয়াও ৰোহিত শৰ্মাই এই পৰ্যন্ত সম্পূৰ্ণ দল লাভ কৰা নাছিল। সেয়ে আশাকৰা হৈছে এইবাৰ ভাগ্যৰ চকৰি ঘূৰিব।
উল্লেখ্য যে, ২০১৭ ৰ পৰা ২০২২ পৰ্যন্ত ৫ বছৰৰ ব্যৱধানত মাত্ৰ দুখন এদিনীয়া মেচ খেলিছে অশ্বিনে। তাৰ পাছতো অশ্বিনৰ অভিজ্ঞতাক বিশ্বাক কৰা হৈছে। তেওঁৰ অভিজ্ঞতাই ভাৰতক বিশ্বকাপ জয়ত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে।
সেয়েহে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অশ্বিনক অন্তৰ্ভুক্ত কৰা হৈছে। ইফালে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দলটোৰ ১৫ জনীয়া সদস্যৰ তালিকা ঘোষণা কৰাৰ সময়ত উপস্থিত আছিল ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰ।
ৰোহিত শৰ্মাক সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অশ্বিনৰ অভিজ্ঞতা অপৰিসীম। তেওঁ ৯৪ খন টেষ্টৰ সৈতে ১১৩ খন এদিনীয়া মেচ খেলিছে। সেয়েহে অশ্বিনক দললৈ ঘূৰাই অনা হৈছে। তেওঁ দলত থাকিলে অধিনায়ক চিন্তামুক্ত হৈ থাকে।
স্মৰ্তব্য যে, কিছুদিন পূৰ্বে ৰবীচন্দ্ৰন অশ্বিনে স্পষ্টভাৱে কৈছিল, যদি দলে বিচাৰে তেন্তে তেওঁ বিশ্বকাপ অভিযানত নামিব। তেওঁ ক্লাব ক্ৰিকেট খেলাৰ উপৰিও বেংগালৰুৰ জাতীয় ক্ৰিকেট একাডেমীত অনুশীলন অব্যাহত ৰাখিছে।
সেয়েহে এই সকলো দিশ পৰ্যালোচনা কৰি এটা কথা স্পষ্ট হৈছে যে, যদিহে অক্ষৰ পেটেল বিশ্বকাপৰ পূৰ্বে সুস্থ হৈ নুঠে তেন্তে ৰবীচন্দ্ৰন অশ্বিনে দলত স্থান পোৱাৰ সম্ভাৱনা আছে।
অৱশ্যে অশ্বিনৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিব পাৰে ৱাশ্বিংটন সুন্দৰে। সেয়েহে শেষ মুহূৰ্তত দ্ৰাবিড় আৰু ৰোহিতৰ ওপৰতেই সকলো নিৰ্ভৰ কৰিব। তৰুণ প্ৰতিভা নে অভিজ্ঞতাক তেওঁলোকে আগস্থান দিয়ে সেয়া লক্ষ্য কৰিবলৈ ক্ৰিকেট অনুৰাগীয়ে এতিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া ৩ খন এদিনীয়াৰ অন্ত পৰালৈ অপেক্ষা কৰিব লাগিব ।
Mohali ✈️ Indore ✈️ Rajkot
The 3⃣ venues for the #INDvAUS ODI series starting tomorrow 🏆👌#TeamIndia pic.twitter.com/XEVhIFaNQk— BCCI (@BCCI) September 21, 2023