চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ দাৰ্জিলিং ভ্ৰমণঃ ৮০ গৰাকী শিক্ষাৰ্থীক শৈক্ষিক ভ্ৰমণৰ বাবে প্ৰেৰণ অজাপৰ

ডিজিটেল সংবাদ হাজোঃ এক চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ কি হ'ব পাৰে? নগদ ধন অথবা কিতাপ, ৰং-তুলিকা ! সাধআৰণতে আমাৰ মনলৈ অহা এই ধাৰণাক অসত্য প্ৰমাণ কৰি অসম জাতিয় পৰিষদে অনুষ্ঠিত কৰা এক চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ হিচাপে শিক্ষাৰ্থীক শৈক্ষিক জ্ঞান আহৰণৰ বাবে কৰিদিলে দাৰ্জিলিং ভ্ৰমণৰ ব্যৱস্থা। সেয়াও এজন, দুজন শিক্ষাৰ্থীৰ বাবে নহয়, ৮০ গৰাকীকৈ শিক্ষাৰ্থীক দাৰ্জিলিং ভ্ৰমণৰ ব্যৱস্থা কৰিছে দলটোৱে।

শুৱালকুচি, ৰঙিয়া সমষ্টিৰ এই ৮০ গৰাকী শিক্ষাৰ্থীক অসম জাতীয় পৰিষদৰ অভিভাৱকত্বত শিক্ষামূলক ভ্ৰমণৰ বাবে লৈ যোৱা হৈছে দাৰ্জিলিঙলৈ। এই সমগ্ৰ ব্যৱস্থাপনা দলটোৰ নেতা দুলু আহমেদেৰ।

তেওঁ শিক্ষাৰ্থীসকলক ৰাজধানী এক্সপ্ৰেছযোগে শীত তাপ নিয়ন্ত্ৰিত আসনৰ ব্যৱস্থা কৰি দিছে। এই শৈক্ষিক ভ্ৰমণৰ শুভাৰম্ভ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আনহাতে গুৱাহাটীৰ ৰে'ল ষ্টেচনত দলটোৰ উপ-সভাপতি দুলু আহমেদ, সাধাৰণ সম্পাদক জগদীশ ভূঞাই আদৰণি জনাই শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলক।

ৰাজনীতিৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীৰ উন্নয়নৰ বাবেও অসম জাতীয় পৰিষদ দায়বদ্ধ বুলি সদৰী কৰাৰ লগতে দুলু আহমেদৰ প্ৰচেষ্টাক শলাগ লয় দলটোৰ নেতৃত্বই।

চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ দাৰ্জিলিং ভ্ৰমণঃ ৮০ গৰাকী শিক্ষাৰ্থীক শৈক্ষিক ভ্ৰমণৰ বাবে প্ৰেৰণ অজাপৰ
সদৌ অসম সূত সন্মিলনৰ ৫৩ সংখ্যক ত্রি-বাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in