সদৌ অসম সূত সন্মিলনৰ ৫৩ সংখ্যক ত্রি-বাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ সামৰণি...

সদৌ অসম সূত সন্মিলনৰ ৫৩ সংখ্যক ত্রি-বাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ সামৰণি...
সদৌ অসম সূত সন্মিলনৰ ৫৩ সংখ্যক ত্রি-বাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ সামৰণি...

ডিজিটেল সংবাদ বঢ়মপুৰঃ সামৰণি পৰিল নগাঁও জিলাৰ বঢ়মপুৰৰ ছহিদ ভৱনৰ বাকৰিত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৫৩ সংখ্যক সদৌ অসম সূত সন্মিলন। অন্তিম দিনাৰ মুকলি সভাত সূত সম্প্ৰদায়ৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা পাঁচ গৰাকীকৈ বৰেণ্য ব্যক্তিক প্ৰদান কৰা হয় পাচঁটিকৈ বিশেষ বঁটা।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড৹ জিতেন হাজৰিকাক "ৰোমহৰ্ষণ সূত গোস্বামী বঁটা", প্ৰাইড-ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰা.লি.ৰ মুখ্য সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাক "চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা", বজালীৰ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা প্ৰাপক ৰাজেন দাসক "ছহিদ অনিল বৰা সোঁৱৰণি বঁটা", গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড৹ দিলীপ বৰাক "সনৎৰাম বৰা সোঁৱৰণি নৈমিষা বঁটা" আৰু ঢকুৱাখনাৰ সূত গৱেষণাক দেৱৰাম সূতক "সূতচাৰ্য মহীৰাম বৰা সোঁৱৰণি বঁটা" প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে, বঁটা প্ৰদান অনুষ্ঠানটিত উপস্থিত থকা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, বঢ়মপুৰীয়া বিজেপি নেতা সুৰেশ বৰাৰ সহযোগত পদ্মশ্ৰী দ্ৰোণ ভূঞাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সন্মিলনৰ সিদ্ধান্তমৰ্মে বহুকেইটা প্ৰস্তাৱ সম্বলিত এখনি স্মাৰকপত্ৰও উপস্থিত বিধায়ক কেইগৰাকীৰ জৰিয়তে প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীলৈ।

প্ৰস্তাৱ অনুসৰি সূত উন্নয়ন পৰিষদখনক উপগ্ৰহীয় সূত স্বায়ত্তশাসিত পৰিষদলৈ উন্নিতকৰণ কৰাৰ লগতে ২৫ কোটি টকা আবণ্টন দিবলৈও অনুৰোধ জনাই মুখ্যমন্ত্ৰীগৰাকীক। লগতে এখনি নৈমিষাক্ষেত্ৰ প্রতিষ্ঠা কৰিবৰ বাবে বীৰ-ছহিদৰ ভূমি বঢ়মপুৰত ১৫ বিঘা মাটিৰ পট্টা প্ৰদান কৰিবৰ বাবে সূত উন্নয়ন পৰিষদে অনুৰোধ কৰে মুখ্যমন্ত্ৰীগৰাকীক।

অৱশ্যে প্ৰস্তাৱিত সকলো অনুৰোধ পূৰণৰ ব্যৱস্থা শীঘ্ৰেই মুখ্যমন্ত্ৰীগৰাকীক কৰিদিবলৈ আহ্বান জনোৱা হ'ব বুলি আশ্বাস প্ৰদান কৰে উপস্থিত বিধায়কদ্বয়ে।

সদৌ অসম সূত সন্মিলনৰ ৫৩ সংখ্যক ত্রি-বাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ সামৰণি...
কীৰ্তনপাৰা বজাৰৰ ৩০ খনকৈ দোকান ভস্মিভূত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in