গোপীনাথ বৰদলৈৰ স্মৃতিত ৰাজ্য চৰকাৰৰ লোককল্যাণ দিৱস পালন : বিষয়া-কৰ্মচাৰীলৈ বিশেষ সন্মান

গোপীনাথ বৰদলৈৰ স্মৃতিত ৰাজ্য চৰকাৰৰ লোককল্যাণ দিৱস পালন : বিষয়া-কৰ্মচাৰীলৈ বিশেষ সন্মান

ডিজিটেল ডেস্ক : আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৱিত্ৰ পুণ্যতিথি। এই পৱিত্ৰ দিনটোত অসমৰ প্ৰথমগৰাকী 'ভাৰতৰত্ন' সন্মানেৰে সন্মানিত গোপীনাথ বৰদলৈৰ প্ৰতি সন্মান জনাই ৰাজ্য চৰকাৰে লোককল্যাণ দিৱসৰ আয়োজন কৰিছে।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৩ সংখ্যক স্মৃতি দিৱস উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত অসম চৰকাৰৰ ভালেকেইগৰাকী প্ৰশাসনিক বিষয়া তথা কৰ্মচাৰীলৈ 'লোক সেৱা বঁটা' আৰু 'কৰ্মশ্ৰী বঁটা' প্ৰদান কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। লগতে অতিথি হিচাপে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী,মন্ত্ৰী-বিধায়কৰ লগতে বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আদৰ্শৰে অনুপ্ৰাণিত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক সন্মান জনোৱাৰ অৰ্থে চৰকাৰে এই অনুষ্ঠানৰ আয়োজন কৰে।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ ৬ গৰাকী বিষয়ালৈ ‘কৰ্মশ্রী বঁটা' প্ৰদান কৰে। প্ৰশাসনিক বিষয়া পুলক মহন্ত,অনামিকা তিৱাৰী,ৰঞ্জিত কুমাৰ বুঢ়োগোহাঁই,মাচাণ্ডা মেগডালিন পাৰ্টিন,তেজাচ মৰিস্বামী আৰু সুমিত ছাট্টাৱনলৈ ‘কৰ্মশ্রী বঁটা' প্ৰদান কৰা হয়।

গোপীনাথ বৰদলৈৰ স্মৃতিত ৰাজ্য চৰকাৰৰ লোককল্যাণ দিৱস পালন : বিষয়া-কৰ্মচাৰীলৈ বিশেষ সন্মান
কামপুৰৰ পথাৰত ছিৰাল ফাট : নাই জলসিঞ্চনৰ ব্যৱস্থা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in