
ডিজিটেল সংবাদ,কামপুৰ : চাওঁতে চাওঁতে শাওণ মাহ যাবৰে হ'ল । কিন্তু এতিয়াও কামপুৰ অঞ্চলৰ বহু কৃষকে ৰুব পৰা নাই শস্য । কিয়নো বৰষুণৰ অভাৱত কামপুৰৰ বহু খেতিপথাৰত মেলিছে ছিৰাল ফাট ।
জানিব পৰামতে জলসিঞ্চনৰ সুবিধাৰ পৰা বঞ্চিত কামপুৰৰ বিভিন্ন এলেকাত কৃষকে কৃষি কাৰ্য কৰিব নোৱাৰি মূৰে-কপালে হাত দিছে। জুৰিপাৰ অঞ্চলৰ বহু কৃষকে কঠীয়া ৰোপন কৰিছিল যদিও পানীৰ অভাৱত ৰোৱাতলীসমূহত ছিৰাল ফাটে দেখা দিছে।উল্লেখযোগ্য যে অতিকে পিছপৰা আৰু বানপানীয়ে সৰ্বহাৰা কৰা কৃষকসকলে অঞ্চলটোত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবী জনায়।