/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/231607ca-eb65-4180-b6e6-77cdc8e0371b/aca_27.jpg)
ACAৰ সামাজিক দায়বদ্ধতাঃ দৰিদ্ৰৰ বাবে ২ কোটি ৮৪ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিলে আশ্ৰয়গৃহ..
ডিজিটেল ডেস্কঃ সামাজিক দায়িত্ববোধৰ পৰিচয় দিলে অসম ক্ৰিকেট সন্থাই। ৰাজ্যত ক্ৰিকেট আন্তঃগাঁথনি উন্নয়নৰ বাবে বহু ব্যয় বহুল প্ৰকল্প হাতত লোৱা সন্থাই তাৰ মাজতেই দুখীয়া আৰু দৰিদ্ৰজনৰ বাবেও হাতত ল'লে কোটি টকীয়া প্ৰকল্প।
অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ সমীপতে নিৰ্মাণ কৰিছে এক আশ্ৰয়গৃহ। প্ৰায় ২ কোটি ৮৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আশ্ৰয় গৃহত ২৫ টাকৈ দৰিদ্ৰ পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/3a47a4f9-e810-435f-9f0f-ae463a9812dd/6153bf5d_55e3_475a_b320_98f8265f854d.jpg)
এই উপলক্ষে আজি অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত বি চি চি আইৰ যুটীয়া সচিব দেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদিপ কোঁৱৰ, যুটীয়া সম্পাদক ৰাজিন্দৰ সিঙৰ উপৰিও সন্থাৰ আন কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। এই অনুষ্ঠানতে দেৱজিৎ শইকীয়াই আশ্ৰয়গৃহসমূহ দৰিদ্ৰ পৰিয়াল কেইটাক অৰ্পণ কৰে।ইফালে সন্থাই এই আশ্ৰয়গৃহ থকা ঠাইখিনিৰ নাম দিছে আম্বেদকাৰী কলনী।
উল্লেখ্য যে আই পি এল তথা আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত কৰিবলৈ অসম ক্ৰিকেট সন্থাই বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ দ্বিতীয় মহলা পুনৰ নিৰ্মাণ কৰিছে। এই দ্বিতীয় মহলা ভি আই পি আৰু ভি ভি আইপিৰ বাবে কৰা হৈছে সুন্দৰ ব্যৱস্থা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/829f677e-bc63-43e6-8071-1a7a08157653/7031bf5d_d6fc_4a50_8901_3a2e219b76c2.jpg)
ইয়াৰোপৰি এই মহলাৰ দেৱালসমূহত অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সজাই তোলা হৈছে। প্ৰতিখন দেৱালত অংকন কৰা হৈছে অসমৰ প্ৰতিটো জাতি, জনগোষ্ঠীৰ গামোচা বা গলবস্ত্ৰসমূহ।
স্মৰ্তব্য, অসম ক্ৰিকেট সন্থাই ইয়াৰ পূৰ্বেও কোভিড মহামাৰীৰ সময়ত গ্ৰহণ কৰিছিল কেতবোৰ সামাদিক দায়বদ্ধতাৰে জড়িত কাম-কাজ। কেৱল ক্ৰিকেট আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সীমাবদ্ধ নহৈ সন্থাই এইদৰে ভিন্ন সময়ত বিভিন্ন কাম-কাজেৰে যি সামাজিক দায়বদ্ধতাৰ পৰিচয় দি আহিছে সেয়া আন বহু সংস্থাৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/0d24337c-fcb4-4cc5-b5e0-989383666385/e39c1236_615d_4cac_921c_672f74fc8664.jpg)