কাইলৈ অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতিঃ প্ৰদান কৰিব ৰাজ্যিক বঁটাসমূহ...

কলাক্ষেত্ৰত প্ৰদান কৰিব অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটা

author-image
Asomiya Pratidin
New Update
কাইলৈ অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতিঃ প্ৰদান কৰিব ৰাজ্যিক বঁটাসমূহ...

কাইলৈ অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতিঃ প্ৰদান কৰিব ৰাজ্যিক বঁটাসমূহ...

ডিজিটেল ডেস্কঃ ১৩ ফেব্ৰুৱাৰী, মঙ্গলবাৰে অসম চৰকাৰে প্ৰদান কৰিব অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাসমূহ। দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক অনুষ্ঠানত উপস্থিত থাকি এই বঁটাসমূহ প্ৰদান কৰিব।

Advertisment

উল্লেখ্য যে, ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেলৰ জৰিয়তে এইবাৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নামসমূহ ঘোষণা কৰিছে। সেই অনুসৰি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যয়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈক প্ৰদান কৰিব ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা।

আনহাতে অসম সৌৰভ বঁটা প্ৰদান কৰিব মুঠ চাৰিগৰাকী বিশেষ ব্যক্তিলৈ। চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ইউকেস্ক'লৈ যি দচিয়াৰ প্ৰেৰণ কৰা হৈছিল সেই দচিয়াৰ প্ৰস্তুত কাৰৰ লগতে চৰাইদেউ মৈদামৰ সুৰক্ষা আৰু ইউনেস্ক'ৰ নিৰ্দেশনাসমূহ পালন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা ড০ কিষাণ চান নৰিয়া, এথলিট হিমা দাস, সন্তৰণবিদ এলভিছ আলী হাজৰিকা আৰু তিৱা সাহিত্য, সংস্কৃতিৰ গৱেষক নাদিৰাম ডেউৰীক প্ৰদান কৰিব অসম সৌৰভ বঁটা।

ৰাজ্যৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ বঁটা এইবাৰ প্ৰদান কৰিব মুঠ ১৬ জন ব্যক্তিক। বিহুক গীনিজ বুক অৱ ৱ'ৰ্ল্ডছ ৰেকৰ্ডত স্থান দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা বিহুৱা ৰঞ্জিত গগৈৰ উপৰিও পাৰ্বতী বৰুৱা, দেৱজিত চাংমাই, দ্ৰোণ ভূঞা, নীলম দত্ত, অনুপম ডেকা, সৌমদ্বীপ দত্ত, বসন্ত চিৰিং ফুকন, মনেন্দ্ৰ ডেকা, মিনাক্ষী চেতিয়া, পখিলা লেকথেপি, তেঞ্জিং বডোছা, ড০ নিৰ্মল দে, জেচিন কোম্বাও ফাও, মেৰী হাছা আৰু ৰাহুল গুপ্তাক প্ৰদান কৰিব অসম গৌৰৱ বঁটা।

মঙ্গলবাৰে অনুষ্ঠিত হ'বলগীয়া এই ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীৰ উপৰিও ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম চৰকাৰৰ প্ৰায় প্ৰতিগৰাকী মন্ত্ৰী উপস্থিত থাকিব। ইফালে উপ-ৰাষ্ট্ৰপতিৰ আগমণক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীৰ বাবে পথ নিৰ্দেশনাও জাৰি কৰিছে যানবাহন আৰক্ষীয়ে।

সেই অনুসৰি পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ ১৩ ফেব্ৰুৱাৰীৰ দিনটোত ৪ চকীয়া আৰু তাতোধিক চকাৰ সকলোধৰণৰ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, এটি ৰোড, ডি জি ৰোড, এম জি ৰোড, টাইবোল্লাহ ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড, পাঞ্জাবাৰী ৰোড আৰু গুৱাহাটী মহানগৰৰ মাজৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। একেদৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথক বাদ দি বাকী আটাইবোৰ পথতে তিনি চকীয়া বাহনৰো চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে চিটি বাছ আৰু এ এছ টি চিৰ অধীনস্থ বাছসমূহ পূৰ্বৰ দৰেই চলাচল কৰি থাকিব।

Also Read: দশক দশক ধৰি দখলত ৰখা ৰাইবেৰলী এৰিব ছোনিয়াই...

উপ ৰাষ্ট্ৰপতি