ডিজিটেল ডেস্কঃ ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে। লোকসভাৰ পৰিৱৰ্তে তেওঁক ৰাজ্যসভালৈহে প্ৰেৰণ কৰিব বিচাৰে কংগ্ৰেছ নেতৃত্বই।
এনে পৰিপ্ৰেক্ষিতত ছোনিয়া গান্ধীৰ সংসদীয় সমষ্টি ৰাইবেৰলীৰ পৰা ছোনিয়া গান্ধীৰ ঠাইত তেওঁৰ কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সূত্ৰৰ আধাৰত একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ। চৰ্চা অনুসৰি ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ যাব ছোনিয়া গান্ধী। সেয়াই হ'লে প্ৰিয়ংকা গান্ধী প্ৰথমবাৰৰ বাবে নামিব লোকসভা নিৰ্বাচনত।
নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ এনে ৰণনীতি এতিয়া ৰাজনৈতিক বিশেষজ্ঞসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কিয়নো কেইবাটাও দশক ধৰি ছোনিয়া গান্ধীয়ে ৰাইবেৰেলীৰ পৰা লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছে।
২০১৯ ত কংগ্ৰেছৰ বিপৰ্যয়ে চূড়ান্ত পৰ্যায়ৰ সময়তো ৰাইবেৰলীত কংগ্ৰেছৰ দুৰ্গ লৰাব পৰা নাছিল বিজেপিয়ে। ইয়াৰ বিপৰীতে কিন্তু উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ আন এক দুৰ্গ আমেঠি সমষ্টিত ৰাহুল গান্ধীক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে। অৱশ্যে ৰাহুল গান্ধীয়ে কেৰালাৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈ যায়।
কংগ্ৰেছ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ছোনিয়া গান্ধীক ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ সকলো ৰণনীতি প্ৰস্তুত হোৱাৰ বিপৰীতে কৰ্ণাটকৰ পৰা আইনজীৱি অভিষেক মনু সিঙ্ঘিক ৰাজ্যসভালৈ প্ৰেৰণ কৰিব। এইগৰাকী নেতা পশ্চিমবংগৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈ গৈছিল।
ইয়াৰোপৰি আন কেইবাজনো সাংসদৰ ঠিকনা সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অহা দুই এদিনতে কংগ্ৰেছে ঘোষণা কৰিব ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা।
Also Read: শিক্ষা বিভাগৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ননীগোপাল মহন্তঃ উভতি যাব আকৌ বিশ্ববিদ্যালয়লৈ...