কেবিনেট বৈঠকঃ ৪০০ বিদ্যালয়ৰ আধাৰশিলা, নতুনত অধিবক্তা নিযুক্তি আদিৰ সিদ্ধান্ত...

কেবিনেট বৈঠকঃ ৪০০ বিদ্যালয়ৰ আধাৰশিলা, নতুনত অধিবক্তা নিযুক্তি আদিৰ সিদ্ধান্ত...
কেবিনেট বৈঠকঃ ৪০০ বিদ্যালয়ৰ আধাৰশিলা, নতুনত অধিবক্তা নিযুক্তি আদিৰ সিদ্ধান্ত...

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙ্গলবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। তাৰ ভিতৰত ২০২৪ চনৰ বাবে ৰাজ্যিক চৰকাৰী কৰ্মচাৰীৰ বাবে বন্ধৰ তালিকাত অনুমোদন জনোৱা হৈছে।

সেই অনুসৰি ৰাজপত্ৰিত বন্ধ মুঠ ৩৬ দিন, সীমিত ৩০ দিন অৰ্ধ ২ দিন। কামৰূপ (ম) জিলাৰ বাহিৰে সমূহ জিলা আয়ুক্তই স্থানীয় বন্ধৰ দিন হিচাপে স্থানীয় গুৰুত্বপূর্ণ যিকোনো এটা দিনত বন্ধ ঘোষণা কৰিব পৰাকৈ অধিকাৰ প্ৰদান কৰা হৈছে। সাধাৰণ প্ৰশাসন বিভাগকো কামৰূপ (ম) জিলাত ২ দিন স্থানীয় বন্ধ ঘোষণা কৰিব পৰাকৈ অনুমতি প্ৰদান কৰা হৈছে।

খিলঞ্জীয়া ভূমিহীন পৰিয়াললৈ সকাহ দিয়াৰ উদ্দেশ্যে আজিৰ কেবিনেটত মিছন বসুন্ধৰা ২.০ৰ অধীনত আৱাস নিৰ্মাণৰ উদ্দেশ্যে ১২৩টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ (চৰাইদেউৰ ১০৫টা আৰু দৰঙৰ ১৮টা পৰিয়াল) পক্ষে ভূমি নিষ্পত্তিৰ সিদ্ধান্ত লোৱা হৈছে।

সংশ্লিষ্ট জিলা এছ ডি এল এ চিৰ অনুমোদন আৰু অভিভাৱক মন্ত্ৰীসকলৰ দ্বাৰা পৰ্যবেক্ষণৰ পাছত ইতিমধ্যে ৫৫,০০০ তকৈও অধিক ভূমিহীন পৰিয়ালক নিষ্পত্তিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে অভিন্ন অৱসৰৰ তাৰিখ সন্দৰ্ভতো আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। মিনি অংগনৱাড়ী কেন্দ্ৰত সকলো অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে সেৱা ত্যাগ কৰাৰ তাৰিখ ৬০ বছৰ বয়স সম্পূৰ্ণকৰণত বা তাৰ ঠিক পাছৰ বছৰৰ ৩০ এপ্রিল হ'ব আৰু সেই অনুসৰি তেওঁলোকৰ সেৱা বন্ধ কৰা হ'ব।

উদাহৰণ স্বৰূপে, ২ মে' ১৯৬৪ আৰু ১ মে' ১৯৬৫ (দুয়োটা তাৰিখ অন্তর্ভুক্ত) ৰ ভিতৰত জন্ম তাৰিখ থকা অংগনৱাড়ী কর্মীসকলে ৩০ এপ্রিল ২০২৫ত তেওঁলোকৰ সেৱা ত্যাগ কৰিব।

ইয়াৰোপৰি বিত্তীয় অৱস্থা শক্তিশালীকৰণৰ হেতু অসম বিত্তীয় নিগমৰ ৩১ মার্চ ২০২৩লৈ ৫৪ কোটি টকাৰ বকেয়া ঋণ আৰু ১০.৯২ কোটি টকা বকেয়া সূত নিগমৰ ইকুইটি মূলধনলৈ ৰূপান্তৰ কৰা হ'ব। ই নিগমৰ ইকুইটি মূলধনী আধাৰৰ ব্যৱধান হ্রাস কৰাৰ লগতে ইয়াক এম এছ এম ই, মাইক্ৰ'ফাইনেন্স, পর্যটন, স্বাস্থ্যসেৱা, উৎপাদন আদিৰ দৰে বিভিন্ন খণ্ডত ঋণ প্রদান কাৰ্য অব্যাহত ৰাখিবলৈ আৰু যথা সময়ত আত্ম-স্থিৰতা প্রাপ্ত কৰাত সহায় কৰিব ।

১ জানুৱাৰী ২০২৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ স্বাস্থ্য বিভাগৰ অধীনৰ চিকিৎসকসকলক প্ৰতি ৫ বছৰৰ সেৱাম্যাদত এবাৰকৈ “নন প্ৰেক্টিচিং এলাউঞ্চ'ৰ অপ্ট-ইন আৰু অপ্ট-আউটৰ সুবিধা প্ৰদান কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

চিকিৎসা আৰু স্বাস্থ্য বিষয়া-১ পদবীৰ পৰা স্বাস্থ্য সেৱা সঞ্চালক পদবীলৈ স্বাস্থ্য বিভাগৰ অধীনত কাম কৰা সকলো চিকিৎসকৰ বাবে এন পি এ আৰম্ভ কৰা হ'ব। এই উদগনিয়ে চিকিৎসকসকলক ব্যক্তিগত অনুশীলন কৰিব নোৱৰাৰ পৰিস্থিতিত বিত্তীয় প্রভাৱৰ বিষয়ে চিন্তা নকৰাকৈ ৰোগীসকলক উচ্চ মানৰ সেৱা প্ৰদান সুনিশ্চিতকৰণত উৎসাহ যোগাব বুলি উল্লেখ কৰিছে।

ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা বিধানসভা সমষ্টিৰ সীমা নির্ধাৰণৰ সৈতে সংগতি ৰাখি অসমৰ জলসিঞ্চন বিভাগ(ষষ্ঠ অনুসূচীৰ অঞ্চলৰ বাহিৰে)ৰ প্ৰশাসনিক গোটসমূহ(চক্র, সংমণ্ডল আৰু উপ-সংমণ্ডল) পুনৰ সংগঠিত কৰাৰো সিদ্ধান্ত লৈছে। ৪১৭.৩২ কোটি টকাৰ সংশোধিত প্রকল্প ব্যয়েৰে ২৪ মেগাৱাটযুক্ত কাৰ্বি লাংপি মধ্য-২ জলবিদ্যুৎ প্রকল্প ৰূপায়ণ কৰাৰো সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰে।

ইয়াৰ ফলত বিদ্যুতৰ অভাৱ হ্ৰাস কৰাত সহায় কৰিব আৰু নৱীকৰণযোগ্য শক্তিৰ জৰিয়তে ৰাজ্যখনত চাহিদা আৰু যোগানৰ মাজৰ ব্যৱধান কিছু পৰিমাণে দূৰ কৰাত সহায় কৰিব। এই প্রকল্প ক্ষুদ্র হাইড্ৰ' শ্রেণীৰ (২৫ মেগাৱাটৰ তলত) অন্তর্ভুক্ত আৰু ই পৰিৱেশতন্ত্ৰৰ ক্ষতি যথেষ্ট হ্ৰাস কৰিব।

ইফালে ৰাজ্যত ৪০০ নতুন বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপনৰো আজি সিদ্ধান্ত গ্ৰহণ কৰা হয়। উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৪০০ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ব। এই ৪০০ বিদ্যালয়ৰ ১০০খন বিদ্যালয় চাহ বাগিচা অধ্যুষিত অঞ্চলত সম্পূর্ণ নতুন বিদ্যালয় হিচাপে নিৰ্মাণ কৰা হ'ব।

পুৰণি বিদ্যালয়সমূহৰ ভৱনৰ নৱীকৰণৰ উদ্দেশ্যে বিদ্যালয়সমূহৰ বাবে ৭ কোটি টকাকৈ আবণ্টন দিয়া হ'ব। ২৫ ডিচেম্বৰ ২০২৩ ৰ পৰা ১০ জানুৱাৰী ২০২৪ৰ ভিতৰত আধাৰশিলা স্থাপন কৰা হ'ব।

এই সময়ছোৱাত সমূহ কেবিনেট মন্ত্ৰীয়ে নির্দিষ্ট গাঁৱত ৫ দিন আৰু ৫ ৰাতি কটাব লাগিব। ৫টা বিভিন্ন অঞ্চলৰ পৰা ৫খন গাঁও বাছনি কৰা হ'ব। এই সময়ছোৱাত মন্ত্ৰীসকলে প্ৰাপ্ত পৰিপূৰ্ণতাৰ স্তৰ সাঙুৰি কল্যাণমূলক আঁচনিসমূহৰ ব্যৱহাৰিক ৰূপায়ণৰ মূল্যায়ন কৰিব।

দুৰ্গা পূজা উপলক্ষে ৬,৯৫৩ খন পূজা কমিটীক অনুদান হিচাপে ১০,০০০টকাকৈ প্ৰদান কৰা হ'ব। ৩ বছৰ পুৰণি পূজা কমিটীসমূহে এই অনুদান লাভ কৰিব।

এইচ পি চি এলৰ সম্পদ কার্যকৰী সংগতভাৱে ব্যৱহাৰৰ উদ্দেশ্যৰে সম্পত্তি অধিগ্রহণ আৰু সাহায্য পেকেজ পৰিশোধৰ বাবে অসম চৰকাৰৰ প্ৰদত্ত সাহায্য অনুদানৰ অধীনত ৭৫৮.৭৫ কোটি টকাৰ বিনিয়োগ এ আই ডি চিত অসম চৰকাৰৰ দ্বাৰা ইকুইটি বিনিয়োগ হিচাপে ৰূপান্তৰ কৰা হ'ব। অসম চৰকাৰৰ প্রস্তাবিত বিনিয়োগৰ বাবে এ আই ডি চিৰ অনুমোদিত শ্বেয়াৰ মূলধনৰ সীমা বৰ্তমানৰ ১৫০ কোটিৰ পৰা ১,০০০ কোটিলৈ বৃদ্ধি কৰা হ'ব।

এ আই ডি চিক এক মুখ্য উদ্যোগিক উন্নয়ন নিগম হিচাপে শক্তিশালী ৰূপত গঢ়ি তোলাৰ অৰ্থে উক্ত পদক্ষেপ গ্ৰহ কৰা হৈছে।

ৰাজ্যত গোচৰৰ প্ৰণালী সুশৃংখলিত কৰিবলৈ অসম ৰাজ্যিক অভিযোজন সেৱা বিধি, ২০২৩ প্রস্তুত কৰি প্ৰচিকিউশ্যন সেৱাৰ এক নতুন কেডাৰ সৃষ্টি কৰা হ'ব বুলিও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম ৰাজ্যিক অভিযোজন সেৱাৰ বিধি প্ৰস্তুতকৰণেৰে কম্পিটিটিভ পে-স্কেলৰ সৈতে ৰাজহুৱা অধিবক্তা, অতিৰিক্ত ৰাজহুৱা অধিবক্তা, বিশেষ ৰাজহুৱা অধিবক্তা আৰু সহকাৰী ৰাজহুৱা অধিবক্তাৰ এটা নিয়মীয়া কেডাৰ সৃষ্টি কৰা হ'ব।

নিযুক্তি প্রাপ্তসকল নিয়মীয়া চৰকাৰী কৰ্মচাৰী হ'ব আৰু সকলো বিদ্যমান ছুটী, সম্পাদন, ভ্রমণ, অনুশাসন, আবেদন আৰু বিত্তীয় নিয়ম সাপেক্ষে হ'ব। প্ৰচিকিউশ্যন কেডাৰ সৃষ্টিয়ে গোচৰ আৰু তদন্ত দলৰ মাজত সমন্বয় বৃদ্ধি কৰাৰ লগতে অপৰাধী ন্যায় ব্যৱস্থাৰ সফলতা সুনিশ্চিত কৰিব বুলি কোৱা হৈছে।

কেবিনেট বৈঠকঃ ৪০০ বিদ্যালয়ৰ আধাৰশিলা, নতুনত অধিবক্তা নিযুক্তি আদিৰ সিদ্ধান্ত...
১২ লাখ টকাৰ বাৰ্মিজ চুপাৰিসহ এজনক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in