/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/629864b5-44c3-4dcd-9c4f-213f714d40cb/burmese_supari_17.jpg)
১২ লাখ টকাৰ বাৰ্মিজ চুপাৰিসহ এজনক আটক...
ডিজিটেল সংবাদ বোকাজানঃ অসম আৰক্ষীয়ে নিষিদ্ধ বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত আছে। তাক মাজতে বোকাজানত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিসহ আৰক্ষীৰ জালত পৰিছে এটা সৰবৰাহকাৰী।
খটখটি আৰক্ষীৰ নিয়মীয়া তালাচিত জব্দ হৈছে ৪০ বস্তা বাৰ্মিজ চুপাৰি। ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখি AS-28-AC-1642 নম্বৰৰ ট্ৰাকত গোপন চেম্বাৰ সাজি লুকুৱাই আনিছিল বাৰ্মিজ চুপাৰিখিনি।
আৰক্ষীয়ে বাৰ্মিজ চুপাৰিসহ ট্ৰাকখনৰ চালক ইউছুফ আলীক আটক কৰি জেৰা অব্যাহত ৰাখিছে । জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য ১২ লাখ টকা।