/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/f3a766af-b54c-45d7-8354-d51033b25965/weather.jpg)
এনেই শীতৰ প্ৰকোপ তাতে আকৌ আহি আছে প্ৰবল বৰষুণ...
ডিজিটেল ডেস্কঃ আগন্তুক তিনিৰ পৰা চাৰি দিনত অসমত প্ৰচুৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা। বৰাঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে।
আগন্তুক তিনি, চাৰি দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ সমান্তৰালকৈ বিজুলী, ঢেৰেকনি আৰু ব্ৰজপাতৰ আশংকা কৰা হৈছে। এনে পূৰ্বানুমানৰ ভিত্তিতে ৰাজ্যৰ মুঠ ১০ খন জিলাত হালধীয়া সতৰ্কতা জাৰি কৰিছে।
এই জিলা কেইখন ক্ৰমে মৰিগাওঁ, নগাওঁ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, ধেমাজি, চৰাইদেউ, তিনিচুকীয়া, ডিমা হাচাও আৰু ডিব্ৰুগড়। এই সময়ছোৱাত এই জিলাকেইখনৰ লোকসকলক পৰাপক্ষত ঘৰতেই থাকিবলৈ আহ্বান জনোৱাৰ লগতে অপ্ৰয়োজনীয় যাত্ৰা এৰি চলিবলৈ কোৱা হৈছে।
Also Read: মৰিগাঁৱত নিশা আৰক্ষীৰ অভিযানঃ ১৭ টা চাইবাৰ অপৰাধী আটক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us