গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উছৱমুখৰ অসম গ্ৰন্থমেলা: ৯দিনত ৩ কোটি টকাৰ গ্ৰন্থ বিক্ৰী...

গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উছৱমুখৰ অসম গ্ৰন্থমেলা: ৯দিনত ৩ কোটি টকাৰ গ্ৰন্থ বিক্ৰী...
গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উছৱমুখৰ অসম গ্ৰন্থমেলা: ৯দিনত ৩ কোটি টকাৰ গ্ৰন্থ বিক্ৰী...

ডিজিটেল সংবাদ গুৱাহাটীঃ আজি নৱম দিনাও গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উছৱমুখৰ হয় চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা , গুৱাহাটী ৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হয় জনস্ৰোত ৷

সন্ধিয়াৰ ভাগত লোকাৰণ্যত পৰিণত হয় গ্ৰন্থমেলাৰ বাকৰি ৷ আজি পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত কৰা “শিশুৰ দিন”ৰ প্ৰথম পৰ্বত কণ-মইনাহঁতৰ কলকলনিত আকৰ্ষণীয় হৈ পৰে গ্ৰন্থমেলা ৷ “শিশুৰ দিন” উদ্বোধন কৰে বিশিষ্ট লেখক-কবি, শীৰ্ষ আৰক্ষী বিষয়া ড° পাৰ্থসাৰথি মহন্তই ৷

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই প্ৰচেষ্টাৰ শলাগ লৈ তেওঁ কয় “গ্ৰন্থমেলাত এনেদৰে এটা দিন শিশুৰ বাবে দিয়াটো অন্ত্যন্ত আনন্দৰ কথা ৷ শিশুৰ প্ৰতিভা বিকাশৰ বাবে এনে এখন মঞ্চ দিয়াটো আতি প্ৰয়োজনীয় ৷ কাৰণ শিশু সকলেই দেশৰ ভৱিষ্যত ৷”

তেওঁ অভিভাৱক আৰু শিশু-কিশোৰসকলক উদ্দেশ্যি কয় যে, কিতাপ পঢ়াৰ অভ্যাস সৰুৰে পৰা গঢ়ি তোলা উচিত ৷ সৰুতে পঢ়া বিষয়বোৰ সদায় মনত ৰৈ যায় ৷ ইয়াৰ ফল ডাঙৰ হ’লে পোৱা যায় ৷ অধ্যয়নমুখীতাই শিশুসকলৰ ভৱিষ্যৎ সুন্দৰ কৰি তোলে ৷ অসম গ্ৰন্থমেলাৰ এই অনুষ্ঠানে শিশুসকলক উৎসাহ যোগাব ৷

শিশুৰ দিন উপলক্ষে আজি গ্ৰন্থমেলাত অনুষ্ঠিত হয় আকস্মিক বক্তৃতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা ৷ আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ “ক” শাখাত ৰাগিনী কাশ্যপে প্ৰথম, নিষাদ চয়ন ওজাই দ্বিতীয়, অনুভৱ চন্দন পৰাশৰে তৃতীয় স্থান লাভ কৰে ৷ উদগনি বঁটা লাভ কৰিছে দৰ্শিল কুমাৰ বৰুৱা, বিপাশা মহন্ত, স্নেহাশ্ৰী গোস্বামীয়ে ৷

“খ” শাখাত গাৰ্গী কাশ্যপে প্ৰথম, তুষাৰ কাশ্যপ ভূঞাই দ্বিতীয়, জ্যোতিৰ্ময় দাসে তৃতীয় স্থান লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে হিমজ্যোতি কুমাৰ, প্ৰজ্বলিতা বড়া , বিতোপন দাসে ৷

কবিতা আবৃত্তি প্ৰতিযোগিতাৰ “ক” শাখাত ভূমণি শৰ্মাই প্ৰথম, কুশাংগী কাশ্যপে দ্বিতীয়, নিভম হালৈয়ে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে দেৱস্মিতা চক্ৰৱৰ্তী, অভিজ্ঞম অয়ন কাশ্যপ, অথৰ্বী কাশ্যপে ৷

“খ” শাখাত ৰাগিনী কাশ্যপে প্ৰথম, সংস্কৃতি গোঁহায়ে দ্বিতীয়, উপাসনা চক্ৰৱৰ্তীয়ে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে কৃষ্ণাঞ্জলি ডেকা, স্নেহাশ্ৰী গোস্বামী, ভায়’লিনা তালুকদাৰে ৷

“গ” শাখাত ভাৰ্গৱী কাশ্যপে প্ৰথম, ৰিয়া ভট্টাচাৰ্যই দ্বিতীয়, হিমজ্যোতি তালুকদাৰ, মঞ্জিৰা শৰ্মাই যুতীয়াভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰিছে ৷ উদগনি বঁটা লাভ কৰিছে মুৰ্ছনা শৰ্মা, অভিনন্দা কলিতা, প্ৰজ্বলিতা বড়াই ৷ গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠানত ইয়াৰ বঁটা-বিতৰণী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷

ইপিনে আজি বিয়লি ৩ বজাত গ্ৰন্থমেলাত অনুষ্ঠিত হয় “সৃষ্টিশীলতা আৰু সামাজিক মাধ্যম” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷ বিশিষ্ট ঔপন্যাসিক, লেখক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে এই আলোচনা সত্ৰ সঞ্চালনা কৰি কয় “ আমাৰ ছাত্ৰজীৱনত আজিৰ দৰে সামাজিক মাধ্যম নাছিল ৷ এতিয়া সামাজিক মাধ্যমে সকলো ক্ষেত্ৰতে ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে ৷ সৃষ্টিশীল মানুহে সামাজিক মাধ্যমত সফলভাৱে সাহিত্য চৰ্চা কৰিব পৰা হৈছে ৷ মানৱ জীৱনৰ বাবে সৃষ্টিশীলতা অতি প্ৰয়োজনীয় ৷ সম্প্ৰতি সামাজিক মাধ্যমত ইয়াৰ প্ৰতিফলন ঘটিছে ৷”

আলোচনা সত্ৰখনত অংশগ্ৰহণ কৰে বিশিষ্ট লেখক, ভাষাতত্ত্ববিদ ড° ভাস্কৰজ্যোতি শৰ্মা, বিশিষ্ট অনুবাদক, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া স্বপ্না দত্ত ডেকা, বিশিষ্ট গল্পকাৰ, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰণ্যক শইকীয়া, কবি, চলচ্চিত্ৰ সমালোচক অপৰাজিতা পূজাৰীয়ে ৷ তেওঁলোকে বিষয় প্ৰসংগত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে ৷

সামাজিক মাধ্যম সৃষ্টিশীল মানুহৰ বাবে প্ৰয়োজনীয় হৈ পৰাৰ বিষয়টো ইয়াত সুন্দৰকৈ আলোচিত হয় ৷ এই আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগবঢ়ায় ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰছাত্ৰীসকলে ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° প্ৰাণজিৎ নাথে আলোচনা সত্ৰৰ উদ্বোধন কৰে ৷

উল্লেখ্য যে, বিদ্বৎ সমাজ, সাহিত্যপ্ৰেমী আৰু ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থ ক্ৰয় কৰি বিক্ৰীৰ হাৰ আশাব্যঞ্জক কৰা বুলি জানিবলৈ দিছে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে ৷ আজি নৱম দিনালৈ ৩ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে ৷ মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা প্ৰতিযোগিতাই মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ ৷

সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰে সংগতি ৰাখি মহাৰাষ্ট্ৰৰ বিশিষ্ট লেখক সুদীপ নাগৰকাৰৰ সৈতে আয়োজন কৰা হয় ৰসাল অন্তৰংগ আলাপ ৷ তেওঁ অসম গ্ৰন্থমেলাৰ পৰিৱেশ দেখি অভিভূত হৈ পৰা বুলি কয় ৷

তেওঁ কয়“ গ্ৰন্থই মানুহক জীৱন উদযাপন কৰিবলৈ সাহস দিয়ে ৷ জ্ঞান চৰ্চাৰ মাজেৰে জীৱনটোক উপভোগ্য কৰি তুলিবলৈ কিতাপ বিশ্বাসযোগ্য বন্ধু ৷ অসমত এনেদৰে গ্ৰন্থৰ উৎসৱ আয়োজন কৰাটো জনসাধাৰণৰ বাবে আশাৰ বতৰা ৷ অসমত গ্ৰন্থ আন্দোলন সফল হোৱা বুলি অনুভৱ হৈছে ৷ গ্ৰন্থৰ জয় যাত্ৰা অব্যাহত থাকক ৷” তেওঁক গ্ৰন্থমেলাৰ তৰফৰ পৰা গ্ৰন্থ, ফুলাম গামোছা আৰু এৰি চাদৰেৰে আদৰণী জনোৱা হয় ৷ অন্তৰংগ আলাপৰ আঁত ধৰে আৰ জে আলিয়াই ৷

গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উছৱমুখৰ অসম গ্ৰন্থমেলা: ৯দিনত ৩ কোটি টকাৰ গ্ৰন্থ বিক্ৰী...
বিহপুৰীয়াত আছুৰ উদ্যোগত শিল্পী দিৱসৰ আয়োজনঃ অনুষ্ঠিত হ'ব জ্যোতি সংগীত আৰু নৃত্য প্ৰতিযোগিতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in