বিহপুৰীয়াত আছুৰ উদ্যোগত শিল্পী দিৱসৰ আয়োজনঃ অনুষ্ঠিত হ'ব জ্যোতি সংগীত আৰু নৃত্য প্ৰতিযোগিতা...

বিহপুৰীয়াত আছুৰ উদ্যোগত শিল্পী দিৱসৰ আয়োজনঃ অনুষ্ঠিত হ'ব জ্যোতি সংগীত আৰু নৃত্য প্ৰতিযোগিতা...
বিহপুৰীয়াত আছুৰ উদ্যোগত শিল্পী দিৱসৰ আয়োজনঃ অনুষ্ঠিত হ'ব জ্যোতি সংগীত আৰু নৃত্য প্ৰতিযোগিতা...

ডিজিটেল সংবাদ বিহপুৰীয়া: ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত আয়োজিত শিল্পী দিৱসক লৈ বিহপুৰীয়াত ব্যাপক প্ৰস্তুতি। বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিহপুৰীয়াবাসীৰ সহযোগত আয়োজন কৰিবলৈ লোৱা শিল্পী দিৱসৰ কাৰ্যসূচী অনুসৰি ১৭ জানুৱাৰীৰ পুৱা বিমলা প্ৰসাদ চলিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন শইকীয়াৰ দ্বাৰা গছ পুলি ৰোপণ,বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰফুল্ল দেউৰীৰ দ্বাৰা পতাকা উত্তোলন আৰু বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক বিকাশ শইকীয়াৰ দ্বাৰা ছহিদ তৰ্পনৰ পিছতে পুৱা ১০ বজাৰ পৰা অসম ভিত্তিত প্ৰাইজমানি জ্যোতি সংগীত আৰু জ্যোতি সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷

অৱসৰপ্ৰাপ্ত কৃষি বিষয়া বিজয় দত্তই উদ্বোধন কৰিব লগা প্ৰতিযোগিতাখন সঞ্চালনা কৰিব বিহপুৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° ৰাতুল বৰাই ৷ সন্ধিয়া ৫ বজাত বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰায়ে বন্তি প্ৰজ্বলন কৰাৰ পাছতে মুকলি তথা বটাঁ বিতৰণী সভাখন অনুষ্ঠিত হ’ব ৷

বিহপুৰীয়া প্ৰেছ ক্লাবৰ সম্পাদক জগত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা সভাখন উদ্বোধন কৰিব খৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মৃদুল কুমাৰ ভূঞাই ৷ সভাত আছুৰ প্ৰাক্তন কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পুলক বৰাই মুখ্য অতিথি, আছুৰ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক সীমান্ত নেওগে সন্মানীয় অতিথি, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱা,আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য কৃষ্ণজ্যোতি হাজৰিকা আৰু সংগীত সাধনা একাডেমিৰ অধ্যক্ষ দিলীপ পূজাৰীয়ে বিশিষ্ট অতিথি, আছুৰ লখিমপুৰ জিলা সমিতিৰ ক্ৰমে ভাৰপ্ৰাপ্ত সভাপতি ক্ষীৰোদ দুৱৰা, সম্পাদক স্বৰাজ শংকৰ গগৈ, বিহপুৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° নিৰঞ্জন কাকতি আৰু আটাছুৰ লখিমপুৰ জিলা সভাপতি নোমল চেতিয়াই আমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহণ কৰিব ৷

সন্ধিয়া বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয়প্ৰকাশ মহন্তৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰা হ’ব ৷ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব আকাশ নিবিড় আৰু প্ৰণামী কোৱঁৰে ৷ শিল্পী দিৱস উপলক্ষে আয়োজিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগীসকলে আগতিয়াকৈ ৮০১১৩২৪৫১৫ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব ৷ শিল্পী দিৱসৰ প্ৰতিটো কাৰ্যসূচীতে ৰাইজৰ সহায় সহযোগিতা উদযাপন সমিতিয়ে কামনা কৰিছে ৷

বিহপুৰীয়াত আছুৰ উদ্যোগত শিল্পী দিৱসৰ আয়োজনঃ অনুষ্ঠিত হ'ব জ্যোতি সংগীত আৰু নৃত্য প্ৰতিযোগিতা...
দেৰগাঁৱৰ দুৰ্ঘটনাত মৃতলোকসকলৰ সমাধিস্থল নিৰ্মাণৰ আহ্বান আছুৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in