আজি ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠকঃ উপস্থিত থাকিব প্ৰতিগৰাকী প্ৰাৰ্থী...

দলীয় বিষয়ববীয়া, বিধায়ককলৈ ভৱেশ কলিতা, হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক
ইন্দ্ৰাণী কাণ্ডক লৈ বাজেপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক...
ইন্দ্ৰাণী কাণ্ডক লৈ বাজেপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত আজি পুনৰ অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ এক গুৰুত্বপূৰ্ণ সভা। দিনৰ ১১ বজাৰ পৰা বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠি হ'বলগীয়া এই বৈঠকত দলটোৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো বিষয়ববীয়া উপস্থিত থাকিব।

আনহাতে এই বৈঠকত অংশগ্ৰহণ কৰিব দলটোৱে ইতিমধ্যে ঘোষণা কৰা প্ৰতিগৰাকী প্ৰাৰ্থী। সেই অনুসৰি সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দত্ত, পৰিমল শুক্লবৈদ্য, বিজুলী কলিতা মেধি, দিলীপ শইকীয়া, তপন গগৈ, প্ৰদান বৰুৱাকে ধৰি ১১ টা লোকসভা সমষ্টিৰ প্ৰাৰ্থী উপস্থিত থাকিব।

ইফালে বিজেপিৰ প্ৰতিগৰাকী বিধায়কো এই বৈঠকত উপস্থিত থাকিব। এই বৈঠকখনতে আগন্তুক নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ ৰণনীতি প্ৰস্তুত কৰি তুলিব। সমগ্ৰ দেশত এইবাৰ বিজেপিয়ে ৩৭০ খনৰো অধিক আসন লাভৰ বাবে লক্ষ্যস্থিৰ কৰিছে যদিও বিজেপিয়ে ''অবকি বাৰ চাৰশ পাৰ'' শ্লোগান আৰম্ভ কৰিছে।

অসমৰ পৰা যাতে বিজেপিৰ দ্বাৰা প্ৰক্ষেপিত প্ৰতিগৰাকী প্ৰাৰ্থীকে দিল্লীলৈ পঠিয়াব পাৰে তাৰ ওপৰত গুৰুত্বপ্ৰদান কৰিছে ৰাজ্যিক বিজেপিয়ে।

ইন্দ্ৰাণী কাণ্ডক লৈ বাজেপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক...
দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ গণ শক্তিৰ প্ৰাৰ্থী ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in