দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ গণ শক্তিৰ প্ৰাৰ্থী ঘোষণা

দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ গণ শক্তিৰ প্ৰাৰ্থী ঘোষণা

ডিজিটেল সংবাদ,মঙলদৈ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসমূহো ব্যস্ত হৈ পৰিছে ভোটাৰক আকৰ্ষণ কৰিবলৈ। ৰাজ্যখনৰ আন আন সমষ্টিৰ লগতে দৰং-ওদালগুৰি লোকসভা সমষ্টিতো ইতিমধ্যে শাসকীয় বিজেপি আৰু প্ৰধান বিৰোধী দলে নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য্য প্ৰায় আৰম্ভ কৰিছে।

সমষ্টিটোত শাসকীয় বিজেপি দলে সাংসদ তথা প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াক পুনৰবাৰ দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে কংগ্ৰেছে প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। শেহতীয়াকৈ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে গণ শক্তি দলেও প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

গণ শক্তি দলে মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে বহু দিন ধৰি দৰং-ওদালগুৰিত বেচৰকাৰী সংস্থাৰ জৰিয়তে নাৰী সৱলীকৰণৰ ওপৰত কাম কৰি অহা স্বৰ্ণা দেৱীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। স্বৰ্ণা দেৱীয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতেই মঙলদৈৰ কৰ্মকৰ্তাৰ মাজত আনন্দৰ জোৱাৰ পৰিলক্ষিত হয়।

প্ৰাৰ্থীগৰাকীৰ সমৰ্থকসকলে ফুলৰ মালাৰে ঘৰলৈ আদৰি আনে। প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত মঙলদৈ সমষ্টিত মহিলা প্ৰাৰ্থী হোৱা বাবে স্বৰ্ণা দেৱীৰ জিকাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে সমৰ্থকসকলে। দৰং-ওদালগুৰিত হাজাৰ হাজাৰ মহিলা যুৱক-যুৱতীৰ লগত থকা ঘনিষ্ঠতাক সম্বল কৰি সমষ্টিটোৰ ২২ লাখ ভোটাৰৰ ভিতৰত ১০-১১ লাখ ভোট লাভ কৰি স্বৰ্ণা দেৱীৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে।

দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ গণ শক্তিৰ প্ৰাৰ্থী ঘোষণা
মৰিয়নিৰ অখণ্ড কীৰ্তন কাৰ্যসূচীত গৌৰৱ গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in