চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদযাপন...

ৰাতিপুৱা ৮.৪৫ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে চচল শতদল শাখা সাহিত্য সভাৰ সভাপতি থানেশ্বৰ মালাকাৰে

author-image
Asomiya Pratidin
New Update
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদযাপন...

ডিজিটেল সংবাদ, বেবেজীয়া : অসম সাহিত্য সভাৰ উদ্যোগত চচল শতদল শাখা সাহিত্য সভাই বুধবাৰে গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা, পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ আৰু সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা দেৱৰ পৱিত্ৰ স্মৃতিত “স্মৃতি দিৱস” পালন কৰে।

Advertisment

ৰাতিপুৱা ৮.৪৫ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে চচল শতদল শাখা সাহিত্য সভাৰ সভাপতি থানেশ্বৰ মালাকাৰে। ইয়াৰ পাচত তিনিও গৰাকী পুৰোধা ব্যক্তিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে চচল শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভূপেন্দ্ৰ নাথ দাসে আৰু স্মৃতি তৰ্পণ কৰে জ্যেষ্ঠ সদস্য ফটিক চন্দ্ৰ শৰ্মাই।

ইয়াৰ পাছত সভাপতি থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত বহা “স্মৃতি দিৱস”ৰ সভা সদানন্দ বৰ্মনে গোৱা পাৰ্বতি প্ৰসাদৰ এটি কালজয়ী গীতেৰে মুকলি কৰা হয় । এই সভাত চচল নিবাসী চচল শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত গীতিকাৰ লোহিত হাজৰিকা দেৱক “গীতিকাৰ” হিচাবে সম্বৰ্দ্ধনা জনোৱা হয় ।

সহকাৰী সম্পাদক নিকুঞ্জ দাসে আঁত ধৰা এই সভাতত অন্ন প্ৰভা কাকতি, কুমুদেশ্বৰ শৰ্মা, হৰেশ্বৰ ডেকা, পৰেশ চন্দ্ৰ শৰ্মা, পণিতা শৰ্মাই তিনিও গৰাকী পুৰোধা ব্যক্তিৰ জীৱনৰ ওপৰত চমু আলোকপাত কৰে । গায়িকা প্ৰণতি বৰুৱাই গোৱা পাৰ্বতি প্ৰসাদৰ আন এটি কালজয়ী গীতেৰে অনুষ্ঠানৰ সামৰণি কৰা হয় ।

Also Read: অসম ফুটবলৰ অনূৰ্ধ্ব-১৯ দলত কলিয়াবৰৰ জচিলা মমিন...

asom sahitya sabha