অসম ফুটবলৰ অনূৰ্ধ্ব-১৯ দলত কলিয়াবৰৰ জচিলা মমিন...

কলিয়াবৰৰ ফুটবল প্ৰতিভা জচিলা মমিনে অনূৰ্ধ্ব-১৯ অসম ফুটবল দলত স্থান লাভ কৰিছে

author-image
Asomiya Pratidin
New Update
অসম ফুটবলৰ অনূৰ্ধ্ব-১৯ দলত কলিয়াবৰৰ জচিলা মমিন...

ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰৰ ফুটবল প্ৰতিভা জচিলা মমিনে অনূৰ্ধ্ব-১৯ অসম ফুটবল দলত স্থান লাভ কৰিছে। শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হোৱা এক ফুটবল বাচনি শিবিৰত অংশ লৈ কলিয়াবৰৰ বাবে গৌৰৱ কঢ়িয়াই আনে জচিলাই।

Advertisment

অসম দলত স্থান লাভ কৰাৰ সূত্ৰে ৬৬ সংখ‍্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ অনূৰ্ধ্ব-১৯ ছোৱালী ফুটবলত ভাগ ল'ব কলিয়াবৰৰ জচিলা মমিনে। কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ নিয়মীয়া খেলুৱৈ জচিলাই অসম দলৰ হৈ ভূপালত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্কুল গেমছত অসম দলৰ হৈ খেলিব।

কলিয়াবৰৰ দৰে মফচলীয় অঞ্চলৰ সীমিত সা-সুবিধাৰ মাজতে ৰাষ্ট্ৰীয় পৰ্য‍ায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱাত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ বিষয়-ববীয়াৰ লগতে কলিয়াবৰবাসীয়ে শুভেচ্ছা জনাইছে জচিলাক।

Also Read: নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল গেছ পৰিবাহী টেংকাৰ: তিনি ঘণ্টা ধৰি আবদ্ধ শ-শ যাত্ৰী...

Assam U-19 Football Team