/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f448fe2e-97b9-4b3f-b89e-6dc80a067480/DHOIJYA_HAZARIKA_26.jpg)
অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকালৈ 'অৰুণোদয়' সন্মান...
ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাই প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলৈ উলোৱা 'অৰুণোদয়' সন্মান আগবঢ়োৱা হৈছে অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাক। ২০২৪ ৰ ১ জানুৱাৰীত ধুবুৰীৰ মহামায়াৰ আঠানীত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অৰুণোদয় দিৱসৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি তথা পদ্মশ্ৰী ড০ সূৰ্য কান্ত হাজৰিকাই তেওঁক এই বঁটা প্ৰদান কৰিব।
মঙ্গলবাৰে এক সংবাদ মেল সম্বোধন কৰি অসম সাহিত্য সভাই এই বিষয়ে অৱগত কৰিছে। স্কুলীয়া জীৱনতে তিনিচুকীয়াৰ পৰা প্ৰকাশিত সপ্তাহিক দৈনন্দিন কাকতৰ যোগেৰে সাংবাদিকতা আৰম্ভ কৰা ধৈৰ্য হাজৰিকাই পাছলৈ বুধবাৰ কাকতত নিয়ামীয়াকৈ লিখা-মেলা কৰিছিল।
'আলোকপাত' আলোচনীৰ সম্পাদকৰো দায়িত্ব পালন কৰা হাজৰিকাই পাছলৈ দৈনিক বাতৰিৰ ব্যুৰু চীফ হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ পাছত তেওঁ অসমীয়া প্ৰতিদিনত যোগদান কৰি বৰ্তমান কাৰ্যবাহী সম্পাদকৰ দায়িত্ব পালন কৰি আছে। অসমীয়া ভাষা আৰু জাতিয় জীৱনক লৈ অত্যন্ত সচেতন ধৈৰ্য হাজৰিকাক এই বঁটা প্ৰদান কৰিবলৈ পাই অসম সাহিত্য সভা আনন্দিত বুলিও সংবাদ মেলত উল্লেখ কৰে।
Also Read: নৰ্থ বেংক টি কোম্পানীৰ ফেক্টৰীত ১০ বছৰীয়া কণমানি শিশুৰ কৰুণ মৃত্যু...