/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1734a78d-debe-443a-aa1e-7036131957a4/BISWANATH_26.jpg)
নৰ্থ বেংক টি কোম্পানীৰ ফেক্টৰীত ১০ বছৰীয়া কণমানি শিশুৰ কৰুণ মৃত্যু...
ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথৰ নৰ্থ বেংক চাহ কোম্পানীত সংঘটিত হ'ল এক অঘটন।লোৰ সামগ্ৰী দেহত পৰি মৃত্যুক সাবতিলে দ্বিতীয় শ্ৰেণীত অধ্যয়ন কৰা এটি শিশুৱে। উল্লেখ্য যে মঙ্গলবাৰে বিশ্বনাথৰ নৰ্থ বেংক চাহ কোম্পানীৰ কাৰিকৰী বিভাগৰ কৰ্মচাৰী গৌতম শইকীয়াৰ ১০ বছৰীয়া পুত্ৰ কিয়ান শইকীয়াৰ পিতৃৰ কৰ্মস্থলীতে শোকাবহ দুৰ্ঘটনাৰ ফলত মৃত্যু হয়।
মৃত কিয়ান শইকীয়া চাৰিআলি আদৰ্শ বিদ্যাপীঠৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আছিল।কিন্তু আজি বিদ্যালয় বন্ধ থকাৰ বাবে পিতৃৰ কৰ্মস্থলী নৰ্থ বেংক চাহ ফেক্টৰীলৈ পিতৃৰ সৈতে গৈছিল। কিয়ান শইকীয়া ফেক্টৰীৰ চৌহদৰ ভিতৰত খেলা-ধুলা কৰি থকা সময়তে হঠাৎ এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয়।
নৰ্থ বেংক টি কোম্পানীৰ কৰ্তৃপক্ষই অসাৱধান ভাবে থৈ দিয়া এখন লোহাৰ দৰ্জা কিয়ান শইকীয়াৰ দেহৰ ওপৰত পৰি যায়। লগে লগে ফেক্টৰী কৰ্তৃপক্ষ আৰু পিতৃ গৌতম শইকীয়াই শিশুটি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে শিশুটি মৃত্যু হোৱা বুলি ঘোষণা কৰে।
সম্প্ৰতি মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে। এই ঘটনাৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে এটা ১০ বছৰীয়া শিশু নৰ্থ বেংক টি কোম্পানীৰ কাৰিকৰী বিভাগৰ কোঠাত কেনেদৰে প্ৰৱেশ কৰিলে? কিয় এই ক্ষেত্ৰত ফেক্টৰী কৰ্তৃপক্ষই সাবধানতা অবলম্বন নকৰিলে?
আনহাতে মৃত কিয়ান শইকীয়াৰ পিতৃ আৰু মাতৃৰ মাজত চাৰিবছৰ পূৰ্বেই বিবাহ বিচ্ছেদ ঘটিছিল। যাৰ বাবে মৃত কিয়ান শইকীয়া নিজ পিতৃৰ লগতে থাকি পঢ়াশুনা কৰি আছিল। বিদ্যালয় বন্ধ থকাৰ বাবেই পিতৃৰ কৰ্মস্থলীলৈ গৈ কিয়ান শইকীয়া সময় অতিবাহিত কৰিছিল। শিশুটিৰ মৃত্যুত চাঞ্চল্যৰ সৃষ্টি হৈছে বিশ্বনাথত।
Also Read: বীৰ সৈনিক সেনাধক্ষ্য ড° কালিদাস বৈদ্যৰ ১৩ সংখ্যক মৃত্যু বাৰ্ষিকী পালন...