/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/5271d813-13c4-48b9-a3e8-81b072b4b935/AP_WEB_Guwahati_Press_Club.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: বিশিষ্ট পৰিচালক প্ৰয়াত আচিফ ইকবাল হুছেইনৰ আজি দ্বিতীয় মৃত্যু বার্ষিকী। এই দ্বিতীয় মৃত্যু বার্ষিকী উপলক্ষে আজি আচিক ফাউণ্ডেচনৰ উদ্যোগত স্মৃতি দিৱসৰ আয়োজন কৰা হয়।
আজিৰ এই অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় আৰু বন্তি প্রজ্বলন কৰে বিশিষ্ট অভিনেত্ৰী শ্ৰীযুতা মলয়া গোস্বামীয়ে। সভাত আচিফ ইকবাল হুছেইনৰ সম্পৰ্কে লিখা বিভিন্ন লেখাৰে সমৃদ্ধ "স্মৰণ" নামৰ এখন স্মৃতি গ্রন্থ ৰুণু বেগমৰ সম্পাদনাত প্ৰকাশ কৰা হয়। স্মৃতিগ্ৰন্থখন উন্মোচন কৰে উপন্যাসিক আৰু নাট্যকাৰ প্ৰভাত গোস্বামীয়ে।
স্মৃতিচাৰণ সভাত উপস্থিত থাকি আচিফ ইকবাল হুছেইনৰ জীৱনৰ বিভিন্ন দিশ সম্পর্কে আলোচনা আগবঢ়াই বিশিষ্ট অভিনেত্রী মলয়া গোস্বামী, বিশিষ্ট্য অভিনেত্রী আৰু সাহিত্যিক ড. আকাশীতৰা, পৰিচালক শুভেশৰ দাস, চিত্র সাংবাদিক আৰুণলোচন দাস আৰু বিশিষ্ট সাহিত্যিক এম হাফিজ আলি আদিয়ে। এই সভাখন পৰিচালনা কৰাত আঁতৰে শ্ৰীযুত দেৱজ্যোতি শৰ্মাই।
উল্লেখ্য যে, সভাৰ শেষত আচিফ ইকবাল হুছেইনৰ ভগ্নী ৰুণু বেগমে আচিফ ইকবালৰ সম্পৰ্কে বক্তব্য আৰু সভাৰ শলাগৰ শৰাই আগবঢ়ায়।
Also Read: Famous Singers of Assam: সংগীতৰ ভেটি গঢ়া শিল্পীসকল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us