Famous Singers of Assam: সংগীতৰ ভেটি গঢ়া শিল্পীসকল

Famous Singers of Assam:
Famous Singers of Assam:অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী

Famous Singers of Assam : অসমৰ শিল্প-সংস্কৃতিৰ ক্ষেত্ৰখন চহকী কৰাত অসমৰ একাংশ ব্যক্তিৰ অৱদান অতুলনীয়। সেইসকল ব্যক্তিয়ে তেওঁলোকৰ ব্যতিক্ৰমী সৃষ্টীশৈলীৰে অসমীয়া জাতিটোক পোহৰাই থৈ গৈছে, দি গৈছে এক নতুন চিনাকি।নতুন প্ৰজন্মই নিখুঁট ভাৱে শিকিব পৰাকৈ তেওঁলোকে গঢ়ি থৈ গৈছে সংগীত-সংস্কৃতিক শক্তিশালী ভেঁটি ।

তেওঁলোকৰ ভিতৰত বিশেষভাৱে উল্লেখনীয় কেইজনমান কণ্ঠশিল্পী হৈছে-

জ্যোতিপ্ৰসাদ আগৰৱালা

১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী আগৰৱালা।জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 'ৰূপকোঁৱৰ' বুলি কোৱা হয়।তেওঁ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা।অসমীয়া ভাষা-সাহিত্য, নাটক, প্ৰবন্ধ, শিশু সাহিত্য আদি সকলো দিশতে তেওঁ বৰঙণি আগবঢ়াই গৈছে৷ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলিও অভিহিত কৰা হয়। তেওঁ একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল। ১৯৩৫ চনত তেওঁ প্ৰথম অসমীয়া ছবি 'জয়মতী' নিৰ্মাণ কৰে।তেওঁৰ আনখন ছবি 'ইন্দ্ৰমালতী'। জ্যোতিপ্ৰসাদে তিনি শতাধিক গীত ৰচনা কৰি নিজেই সুৰ দিছিল।এই গীতসমূহক 'জ্যোতি সংগীত' বুলি কোৱা হয়। ১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয়। ১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰত থকা নিজৰ বাসগৃত পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত মৃত্যু হয়।তেওঁৰ মৃত্যু তিথিক অসমীয়াই 'শিল্পী দিৱস' হিচাপে পালন কৰে।

Jyoti Prasad Agarwala
Jyoti Prasad Agarwala

বিষ্ণুপ্ৰসাদ ৰাভা-

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা একেলেথাৰিৰে এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা তথা মুক্তি যুঁজাৰু আছিল । ১৯০৯ চনৰ ৩১ জানুৱাৰীত বাংলাদেশৰ ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা।কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা 'নটৰাজ' নৃত্যত মুগ্ধ হৈ আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা  বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক 'কলাগুৰু' সন্মান প্ৰদান কৰিছিল।বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰি গৈছে।তেওঁ বহু বিপ্লৱী গীত ৰচনা কৰি গৈছে। তেওঁ লেখা গীতসমূহক ‘ৰাভা সংগীত’ বুলি কোৱা হয়। বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৭ চনৰ ২৪ নবেম্বৰত যোৰহাটৰ গায়িকা প্ৰিয়লতা দত্তৰ লগত বিবাহপাশত আবদ্ধ হয় যদিও মাত্ৰ ২৮ দিন সংসাৰ পতাৰ পিছতে প্ৰিয়লতা দত্তৰ মৃত্যু হয়।১৯৬৯ চনৰ ২০ জুনত তেজপুৰত কৰ্কট ৰোগত ৰাভাৰ মৃত্যু হয়।

Bishnu Prasad Rabha
Bishnu Prasad Rabha
Famous Singers of Assam:
National Parks of Assam: পৰ্যটকক আৰ্কষণ কৰা অসমৰ ৰাষ্ট্ৰীয় উদ্যান

ড০ ভূপেন হাজৰিকা

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা ভাৰতৰ আগশাৰীৰ গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তেওঁৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত  তিনিচুকীয়া জিলাৰ 

শদিয়াত। তেওঁৰ পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা।শিৱসাগৰ জিলাৰ নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ প্ৰকৃত ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। তেওঁলোকৰ মুঠ দহটা সন্তান আছিল। পৰিয়ালৰ দহোটা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা। বাকী কেইগৰাকী হৈছে অসৰ হাজৰিকা, প্ৰবীণ হাজৰিকা, সুদক্ষিণা শৰ্মা, নৃপেন হাজৰিকা, বলেন হাজৰিকা, কবিতা বৰুৱা, স্তুতি পেটেল,  জয়ন্ত হাজৰিকা আৰু সমৰ হাজৰিকা। ভূপেন হাজৰিকাৰ অনুজ জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা, সুদক্ষিণা শৰ্মাও আগশাৰীৰ সংগীত শিল্পী।ড০ ভূপেন হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা, ১৯৪২ চনত কটন মহাবিদ্যালয়ৰ পৰা (কলা বিভাগ), ১৯৪৪ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত  ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

তেওঁ ‘ৰ'ল অৱ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন ‘ বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। তেওঁ চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচিত্ৰৰ ভূমিকা অধ্যয়নৰ বাবে লিছ্‌ল ফেল'শ্বিপ লাভ কৰিছিল। ১৯৫০ চনত নিউয়ৰ্কত ড॰ হাজৰিকা উগাণ্ডাৰ গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহ পাশত আবদ্ধ হয়।১৯৫২ চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয়। ১৯৬৩ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।পৰৱৰ্তীকালত ড॰ হাজৰিকাৰ ছবি পৰিচালিকা কল্পনা লাজমীৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠে।জীৱনৰ শেষছোৱাতো তেওঁ কাল্পনা লাজমীৰ তত্ত্বাবধানত মুম্বাইত আছিল।২০১৮ চনৰ ৩০ অক্টোবৰত প্ৰকাশ পোৱা  কল্পনা লাজমীৰ আত্মজীৱনী 'ভূপেন হাজৰিকা: এজ আই নিউ হিম'ত লাজমীয়ে ভূপেন হাজৰিকাক সোতৰ বছৰ বয়সতে লগ পোৱাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বহু  কথাই উল্লেখ কৰিছে। ১৯৫৬ চনত ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি এৰা বাটৰ সুৰ মুক্তি লাভ কৰিছিল। এই ছবিখন তেওঁ পৰিচালনা কৰাৰ লগতে কাহিনী, সংগীত আৰু গীতো ৰচনা কৰিছিল। তেওঁ পৰিচালনা কৰা আন উল্লেখযোগ্য ছবিসমূহ হৈছে শকুন্তলা (১৯৬১),প্ৰতিধ্বনি (১৯৬৪),লটিঘটি (১৯৬৬),চিকমিক বিজুলী (১৯৬৯),ছিৰাজ (১৯৮৮) আদি।

চলচ্চিত্ৰ পৰিচালনাৰ লগতে ভূপেন হাজৰিকাই অসমীয়া, বঙালী, হিন্দী তথা আন ভাষাৰ অনেক ছবিত সংগীত পৰিচালনা কৰিছে। উল্লেখ্য যে,১৯৭৫ চনত মুক্তি পোৱা পৰিচালক আব্দুল মজিদৰ ছবি ছামেলি মেমছাবত কৰা সংগীত পৰিচালনাৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

সাহিত্যৰ ক্ষেত্ৰতো সুধাকণ্ঠৰ বিশেষ দখল আছে। অসম সাহিত্য সভাই ২০০৮ চনত তেওঁৰ সাহিত্যকৰ্মৰ বাবে সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল।

Dr. Bhupen Hazarika
Dr. Bhupen HazarikaFamous Singers of Assam

প্ৰতিমা বৰুৱা পাণ্ডে

গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বহুৱা পাণ্ডেৰ জণ্ম হৈছিল ১৯৩৫চনৰ ৩ অক্টোবৰত কলিকতাত।প্ৰতিমা বৰুৱা পাণ্ডে গৌৰীপুৰ ৰাজপৰিয়ালৰ প্ৰখ্যাত হাতী বিশেষজ্ঞ প্ৰকৃতীশ চন্দ্ৰ বৰুৱা আৰু মালতীবালা বৰুৱাৰ কন্যা আৰু ভাৰতীয় চিনেমাক অন্য গতি দিয়া চিনেমা ‘দেৱদাস’ৰ পৰিচালক প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ভতিজী।তেওঁ কলিকতাৰ গোখলে মেম'ৰিয়েল স্কুলত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পাছত গৌৰীপুৰৰ ছোৱালী উচ্চ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে।সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰা প্ৰতিমা বৰুৱা পাণ্ডেই প্ৰথম লোকগীত পৰিৱেশন কৰে ১৯৪৯ চনত কলিকতাৰ নিউ এম্পেয়াৰ থিয়েটাৰ হ’লত। ১৯৫৬ চনত ভূপেন হাজৰিকাৰ সংগীতত ‘এৰা বাটৰ সুৰ’ বোলছবি লোকগীত পৰিৱেশন কৰে। ১৯৫৭ চনত ‘মাহুত বন্ধুৰে’ ছবি, বিভিন্ন সময়ত পলাশেৰ ৰং, গজমুক্তা আৰু বগলাৰ বঙ্গদৰ্শন চিনেমাত গীত পৰিৱেশন কৰে। ১৯৬২ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত ‘একবাৰ হৰি বলো মন ৰসনা’ গীতটি তেওঁৰ প্ৰথম ৰেকৰ্ড হিচাবে প্ৰকাশিত হয়। তেওঁৰ মুঠ ৰেকৰ্ডভুক্ত গীতৰ সংখ্যা ৩২০টা। তেওঁ ১৯৬৯ চনত ১৬ ছেপ্টেম্বৰত গৌৰীপুৰ প্ৰমথেশচন্দ্ৰ বৰুৱা কলেজৰ ইংৰাজী অধ্যাপক গঙ্গাশঙ্কৰ পাণ্ডেৰ লগত বিবাহপাশত আবদ্ধ হয়। পৰবৰ্তী সময়ত তেওঁৰ গীত আকাশবাণী দিল্লী, ছিমলা, শিলিগুড়ি, তেজপুৰ, শিলচৰ, কাৰ্চিয়াং, গ্যাংটক, ডিব্ৰুগড়, ইম্ফল আৰু আগৰতলা কেন্দ্ৰৰ পৰা নিয়মিত প্ৰচাৰ হয় আৰু তেওঁ দূৰদৰ্শনত নিয়মিত গোৱালপৰীয়া গীত পৰিৱেশন কৰিছিল।সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা স্বক্ৰীয় অৱদানৰ বাবে ১৯৮৮ চনত প্ৰতিমা বৰুৱা পাণ্ডেক ‘ভাৰত সংগীত নাটক একাডেমী’ পুৰস্কাৰ প্ৰদান কৰা হয়। ২০০২ চনৰ ২৭ ডিচেম্বৰ মহান শিল্পীৰ প্ৰয়াণ ঘটে।

জয়ন্ত হাজৰিকা

জয়ন্ত হাজৰিকা অসমৰ এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ। ৩৪ বছৰীয়া চুটি জীৱনকালত তেওঁ বহু গান সৃষ্টি কৰি গৈছে যিবোৰ বৰ্তমান সময়তো সমানেই জনপ্ৰিয়।৬০ দশকত অসমীয়া সংগীতৰ জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকা মৃত্যুৰ সময়লৈকে সক্ৰিয় হৈ আছিল। ১৯৪৩ চনৰ ২০ অক্টোবৰত অসমৰ এটা প্ৰখ্যাত পৰিয়ালত  জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল।তেওঁৰ পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। ড০ ভূপেন হাজৰিকা আছিল জয়ন্ত হাজৰিকাৰ জ্যেষ্ঠ ভাতৃ।সৰুৰেপৰাই সংগীতত ৰাপ থকা জয়ন্তই ৯ বছৰ বয়সতে প্ৰথম গানত সুৰ দিছিল। গীতটো লিখিছিল জয়ন্তৰ আন এজন ককায়েক নৃপেন হাজৰিকাই।১৯৬২ চনত কলিকতাত ৰেকৰ্ড কৰা 'আগলি বতাহে কপালে কলৰে পাত' আৰু 'কৃষ্ণচূড়া কৃষ্ণচূড়া' গানৰ ৰেকৰ্ডখন যথেষ্ট জনপ্ৰিয় হয়, আৰু জয়ন্ত হাজৰিকাই পেছাদাৰী সংগীত জগতত ভৰি দিয়ে। অৱশ্যে জয়ন্ত হাজৰিকাই প্ৰথমে সুৰ দিয়া গীত আছিল আলিমুন্নিছা পিয়াৰৰ 'জেতুকা পাতেৰে দুহাত বোলালি, তামোলৰ পিকেৰে ওঁঠ ৰঙালী, ৰাঙলী কৰিলি হিয়া '। একে সময়তে হীৰেণ ভট্টাচাৰ্যৰ আন এটি গীত 'ফুলৰে চাকি উৰণীয়া, মনৰে পখী জুৰণীয়া, এই ৰাতি মোহনীয়া ' শীৰ্ষক এটি গীততো তেওঁ সুৰ দিছিল। ভূপেন হাজৰিকাৰ পৰিচালনাত মণিৰাম দেৱান বোলছবিৰ 'সোণাৰ বৰণ পাখীৰে তোৰ ' গানত পশ্চিমবংগৰ শিল্পী শ্যামল মিত্ৰৰ লগত কণ্ঠদান কৰাৰ পাছতে জয়ন্ত হাজৰিকাৰই ভালেমান গীতত সুৰ আৰু কণ্ঠদান কৰাৰ লগতে বোলছবি, মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। ১৯৭১ চনত ‘বনৰীয়া ফুল’ ছবিত প্ৰথম বাৰৰ বাবে জয়ন্ত হাজৰিকাই স্বকীয়ভাৱে সংগীত পৰিচালনা কৰে।১৯৭৭ চনত নতুন আশা ছবিৰ গীত বাণীবদ্ধ কৰিবলৈ যাওঁতে ১৫ অক্টোবৰত কলিকতাত জয়ন্ত হাজৰিকাৰ আচম্বিত মৃত্যু হয়।

খগেন মহন্ত

খগেন মহন্ত অসমৰ এগৰাকী অন্যতম গায়ক, গীতিকাৰ আৰু  সুৰকাৰ। বিহু সম্ৰাট হিচাপেও তেওঁৰ আছে আন এক পৰিচয়।১৯৪২ চনৰ ১৭ আগষ্টত নগাঁও জিলাৰ জাজৰি বগৰিগুৰিত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃ প্ৰয়াত লক্ষ্মীপ্ৰিয়া দেৱী। শৈশৱৰ পৰাই তেওঁ নাম-কীৰ্তন, প্ৰসংগ, গায়ন-বায়ন আৰু সত্ৰীয়া নৃত্যকলা, খোলবাদ্যত বিশেষ পাৰদৰ্শিতা অৰ্জন কৰিছিল।১৯৬০ চনত অসম ভাষা আন্দোলনৰ সময়ত তেওঁ গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল। তেওঁৰ চিৰসেউজ গীতসমূহৰ ভিতৰৰ 'কাউৰী পৰে', 'মা আমি শদিয়ালৈ যামেই', 'পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি', টপাহাৰৰ জুৰিটি পিৰীতি সাৱটি' আদি অন্যতম। বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ অন্তিম সময়ত ৰচনা কৰা 'এয়ে মোৰ শেষ গান' গীতটিটো খগেন মহন্তই সুৰ আৰু কণ্ঠ দিছিল।খগেন মহন্তই ১৯৬৫ চনত কণ্ঠশিল্পী অৰ্চনা মহন্তৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ পুত্ৰ অংগৰাগ  মহন্তও এগৰাকী সংগীত শিল্পী। উল্লেখ্য, ২০১৪ চনৰ ১২ জুনত গুৱাহাটীৰ নিগাজীপামস্থিত বাসগৃহত এইজন মহান শিল্পীৰ মৃত্যু হয়।

দিপালী বৰঠাকুৰ

১৯৪১ চনৰ ৩০ জানুৱাৰীত শিৱসাগৰ জিলাৰ সোণাৰীত এইগৰাকী প্ৰখ্যাত শিল্পীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আইমণি বৰঠাকুৰ।সৰুৰে পৰা গীতৰ প্ৰতি দুৰ্বল দীপালী বৰঠাকুৰৰ 'সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই','জোনধনে জোনালীতে','আবেগৰ বোকোচা ব’ব মই নোৱাৰো', 'যৌৱনে আমনি কৰে', 'কণমান বৰশীৰে চিপ', 'চেনাই মই যাওঁ দেই', 'অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা', 'কোন সেই ৰূপৱতী যাই', 'সোণোৱালী বুটা বছা অসমীয়া পাট', 'আগলি কলাপাত লৰে কি চৰে', 'আই মই শুনিছোঁ আঘোণত বোলে পাতিছ তই মোৰ বিয়া' আদি হৈছে অতিকৈ জনপ্ৰিয় গীত। ১৯৬৯ চনত শেষবাৰৰ বাবে তেওঁ পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ' শীৰ্ষক গীতটি।এইখিনি সময়তে দীপালী বৰঠাকুৰ এক জটিল ৰোগত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিব নোৱাৰা অৱস্থা হয়।তেওঁক 'অসমৰ নাইটিংগল' বুলিও কোৱা হয়।পদ্মশ্ৰী বঁটা, আইদেউ সন্দিকৈ বঁটা,অসম চৰকাৰৰ শিল্পী বঁটা, লিঅ এক্সপ শিল্পী সন্মান প্ৰাপক দিপালী বৰঠাকুৰৰ ২০১৮ চনৰ ২১ ডিচেম্বৰত মৃত্যু হয়।

Dipali Borthakur
Dipali BorthakurFamous Singers of Assam

জুবিন গাৰ্গ

জুবিন গাৰ্গ অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী।১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হয়। সংগীত পৰিচালক,সুৰকাৰ,গীতিকাৰ তথা অভিনেতা হিচাপেও আছে জুবিন গাৰ্গৰ আন এক পৰিচয়। ১৯৯২চনত জুবিন গাৰ্গৰ প্ৰথম সংগীত এলবাম 'অনামিকা' মুক্তি পোৱাৰে পৰা তেওঁৰ অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰে। অসমীয়াৰ লগতে হিন্দী, বঙালী, কোচ-ৰাজবংশী , চাহ বাগানীয়া, কমতাপুৰী, গোৱালপৰীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, নেপালী, ৰাভা, ডিমাছা, টাই-আহোম, ভোজপুৰী,মনিপুৰী, ওড়িয়া, তামিলৰ লগতে বিভিন্ন ভাষাত গীত গাইছে। গীতৰ লগতে বিভিন্ন বাদ্য বজোৱাতো পাৰ্গত জুবিন গাৰ্গ।তেওঁ শ্ৰেষ্ঠ কণ্ঠশিল্পী আৰু সংগীত পৰিচালক হিচাপে বহুবাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰো অৰ্জন কৰিছে।নানান বিৰ্তকৰ বাবে সদায়েই চৰ্চাত থকা জুবিন অসমৰ বহু সামাজিক কামৰ লগতো জড়িত হৈ আছে।

Zubeen Garg
Zubeen GargFamous Singers of Assam

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in