/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/dcccc858-e415-4888-a327-0881538c7f40/AP_FOR_WEB_ashok.jpg)
ডিজিটেল ডেস্ক : দিছপুৰত মন্ত্রী অশোক সিংঘালৰ সংবাদমেল। ৰাজগড়ৰ জলবিস্ফোৰণ সন্দৰ্ভত সংবাদমেল মন্ত্রী অশোক সিংঘালৰ। ঘটনাৰ ৩ দিনৰ ভিতৰত প্রতিবেদন দাখিলৰ নিৰ্দেশ মন্ত্রীগৰাকীৰ।
আনহাতে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ সচিব পবিত্র খাউণ্ডৰ নেতৃত্বত গঠন কৰা হৈছে কমিটী । সংবাদমেলত মন্ত্ৰীগৰাকী ঘোষণা ‘বাহিৰৰ কোম্পানীৰ সৈতে মই কথা পাতিছো। ঘটনাৰ হাইড্র’ টেষ্টিং কৰা হ’ব। কাইলৈৰ পৰা নিম্ন চাপত যোগান ধৰা হ’ব পানী।
২-৩ কিঃমিঃ পৰ্যন্ত হাইড্র’ টেষ্টিঙৰ সহায়ত পৰীক্ষা কৰা হ’ব পাইপসমূহ। ইয়াৰ বাবে IITক সুৰক্ষা পৰীক্ষণ আৰু বিশ্লেষণৰ দায়িত্ব দিয়াৰ কথা প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে। লগতে দুৰ্যোগ ব্যৱস্থাপনাৰ নিয়ম অনুসৰি ক্ষতিপূৰণ দিয়া হ’ব বুলিও ঘোষণা মন্ত্ৰীগৰাকীৰ।
তদুপৰি প্রয়োজন হ’লে PMCকো তদন্ত কৰা হ’ব, গাফিলতিৰ তদন্ত হ’ব আৰু কোনো সাৰি যাব নোৱাৰিব বুলি সংবাদমেলত মত প্ৰকাশ মন্ত্রী সিংঘালৰ।
Also Read: ৫ দিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ কেইবাটাও অঞ্চলৰ বিদ্যালয়...