৫ দিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ কেইবাটাও অঞ্চলৰ বিদ্যালয়...

ৰাজ্যৰ ভূমিস্খলন প্রৱণ এলেকাসমূহত বিদ্যালয় বন্ধ ঘোষণা বিভাগীয় কৰ্তৃপক্ষৰ।

author-image
Asomiya Pratidin
New Update
৫ দিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ কেইবাটাও অঞ্চলৰ বিদ্যালয়...

ডিজিটেল ডেস্ক : ৰাজ্যৰ ভূমিস্খলন প্রৱণ এলেকাসমূহত বিদ্যালয় বন্ধ ঘোষণা বিভাগীয় কৰ্তৃপক্ষৰ। হাফলং, হাৰাংগাজাও, মাহুৰত বিদ্যালয় বন্ধ ঘোষণাৰ জাননী জাৰি কৰিছে বিভাগীয় কৰ্তৃপক্ষই। প্রৱল বৃষ্টিপাতৰ ফলত ৰাজ্যৰ পাহাৰীয়া অঞ্চলসমূহত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে ভূমিস্খলন।

Advertisment

ডিমা হাছাও জিলাৰ কেইবাটাও অঞ্চলত ভূমিস্খলন হোৱাৰ সমান্তৰাল ভাবে শিলচৰ-মেঘালয় সংযোগী সোণাপুৰত বিগত দিনকেইটাত বৃষ্টিপাতৰ ফলত ভূমিস্খলনে দেখা দিয়াত বাট-পথ বন্ধ হোৱাৰ লগতে জনজীৱন ব্যাহত হৈ পৰাৰ পৰিলক্ষিত হয়।

সেয়ে প্রৱল বৃষ্টিপাতৰ প্রতি লক্ষ্য ৰাখি হাফলং, হাৰাংগাজাও, মাহুৰতৰ লগতে ভূমিস্খলন প্রৱণ এলেকাসমূহত বিদ্যালয় বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰে বিভাগীয় কৰ্তৃপক্ষই। ১৩ জুনৰ পৰা ৫ দিনৰ বাবে উক্ত এলেকাসমূহত বন্ধ থাকিব বিদ্যালয়সমূহ।

Also Read: পাঁচবছৰৰ অন্তত সম্পূৰ্ণ অভি-নীল হত্যাকাণ্ডৰ সাক্ষ্যগ্ৰহণ, পৰৱৰ্তী শুনানি...

education department of assam GOVT OF ASSAM