শিল্পী বটাঁপ্ৰাপক অপূৰ্ব বেজবৰুৱাদেৱৰ পূণ্য তিথি পালন

অপূৰ্ব বেজবৰুৱা স্মাৰক ন্যাসৰ উদ্যোগত বিশিষ্ট সংগীত পৰিচালক, কবি, সুৰকাৰ, গীতিকাৰ তথা কন্ঠশিল্পী অপূৰ্ব বেজবৰুৱাদেৱৰ দ্বিতীয় বাৰ্ষিক পূণ্য তিথি পালন কৰা হয় গুৱাহাটীৰ কাহিলিপাৰাস্থিত ভৱদা দেৱী সোঁৱৰণী নিৰাশ্ৰিতা বৃদ্ধাৰ আৱাসগৃহ "চেনেহ"ত।

author-image
Asomiya Pratidin
New Update
শিল্পী বটাঁপ্ৰাপক অপূৰ্ব বেজবৰুৱাদেৱৰ পূণ্য তিথি পালন

ডিজিটেল ডেস্কঃ অপূৰ্ব বেজবৰুৱা স্মাৰক ন্যাসৰ উদ্যোগত বিশিষ্ট সংগীত পৰিচালক, কবি, সুৰকাৰ, গীতিকাৰ তথা কন্ঠশিল্পী অপূৰ্ব বেজবৰুৱাদেৱৰ দ্বিতীয় বাৰ্ষিক পূণ্য তিথি পালন কৰা হয় গুৱাহাটীৰ কাহিলিপাৰাস্থিত ভৱদা দেৱী সোঁৱৰণী নিৰাশ্ৰিতা বৃদ্ধাৰ আৱাসগৃহ "চেনেহ"ত। ন্যাসৰ কাৰ্যকৰী সভাপতি জিতু শৰ্মাই আঁতধৰা অনুষ্ঠানটিৰ আৰম্ভণিতেই শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন তথা পুষ্পাঞ্জলি প্ৰদান কৰে চেনেহৰ পৰিচালন সঞ্চালক ড০ নিৰ্ভয় চন্দ্র ৰাভা, ন্যাসৰ অধ্যক্ষা তথা শিল্পীগৰাকীৰ পত্নী মণিকা বেজবৰুৱা আৰু নাতিনী ৰুদ্বিকা কাশ্যপ তথা ন্যাসৰ সভাপতি বিতুমনি গোস্বামীয়ে।

Advertisment

অনুষ্ঠানটোত শিল্পীগৰাকীৰ সৃষ্টিৰাজিৰ বিষয়ে উপস্থিত দৰ্শকক কিছু আভাস দিয়ে ন্যাসৰ সাধাৰণ সম্পাদক তথা জীয়ৰী ইলোৰা বেজবৰুৱাই। শিল্পীজনাক স্মৰণ কৰি এক অন্তৰংগ আলাপৰ লগতে এমুঠি গীত-নৃত্য-কবিতাৰে বৃদ্ধাশ্রমৰ আইতাসকলৰ লগত পালন কৰা এই অনুষ্ঠানটিত শিল্পীগৰাকীৰ দ্বাৰা ৰচিত কবিতা পাঠ কৰে প্ৰেমলতা ফুকন, ৰুকুমণি দাস, মধুমিতা গোস্বামী, কল্পনা গগৈয়ে, নৃত্য প্ৰদৰ্শন কৰে ৰিমঝিম দে, চুইটি ৰয়,সুষ্মিতা সিং, জাহ্নৱী চৌধুৰীয়ে তথা গীত পৰিবেশনেৰে শ্ৰোতা-দৰ্শকক আপ্লুত কৰে বিতুমনি গোস্বামী, জিষ্ণু বৰুৱা আৰু অৰুন্ধতী বেজবৰুৱাই।

উক্ত অনুষ্ঠানটিতেই ন্যাসৰ উদ্যোগত প্ৰয়াত শিল্পীগৰাকীৰ দ্বাৰা ৰচিত গীতৰ অসমভিত্তিত অনলাইন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথাও ঘোষণা কৰে ন্যাসৰ সঞ্চালক তথা জীয়ৰী অৰুন্ধতী বেজবৰুৱাই।

Also Read: সোণাৰিত নৃশংস হত্যাকাণ্ড

apurba bezbarua guwahati