ভুৱা দিব্যঙ্গৰ প্ৰমাণ পত্ৰৰে কেইবাজনো APSC উত্তীৰ্ণ হোৱাৰ অভিযোগঃ মেডিকেল ব'ৰ্ড গঠনেৰে পুনৰীক্ষণৰ দাবী

ডিজিটেল সংবাদ গুৱাহাটীঃ ৰাকেশ পালৰ দুৰ্নীতিয়ে লজ্জানত কৰা অসম লোক সেৱা আয়োগ পুনৰ বিতৰ্কত। এইবাৰ অসম লোকসেৱা আয়োগৰ তালিকাত ভুৱা দিব্যাংগৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগ।

১৭ জানুৱাৰীত প্ৰকাশ হৈছিল লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণৰ তালিকা। এই তালিকাত ছদ্মবেশী বহু দিব্যাংগৰ নাম অন্তৰ্ভুক্ত হোৱাৰ গুৰুতৰ অভিযোগ তুলিলে দিব্যাংগ মঞ্চ অসমৰ কাৰ্যকৰী সভাপতি মোস্তাফা কামালে।

তেওঁৰ অভিযোগ শাৰিৰীকভাৱে সুস্থ লোকৰ নাম সোমাইছে বিশেষ বাবে সক্ষমৰ কোটাত। যাৰ বাবে বঞ্চিত প্ৰকৃত দিব্যঙ্গ চাকৰিপ্ৰাৰ্থীসকল। সেয়ে তেওঁৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষা নিয়ন্ত্ৰকৰ লগতে মুখ্যমন্ত্ৰীলৈ আহ্বান, যিসকল শাৰীৰিকভাৱে অক্ষম কেটেগৰিত নাম অন্তৰ্ভুক্তিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰীক্ষা কৰা হওঁক। মেডিকেল ব'ৰ্ড গঠন কৰি পুনৰ পৰীক্ষণ কৰা হওঁক। অন্যথা আয়োগৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰ ভাবুকি মোস্তাফা কামালৰ।

উল্লেখ্য যে, পূৰ্বেও টেটৰ পৰা আৰম্ভ কৰি প্ৰায়সমূহ পৰীক্ষাতেই ভুৱা দিব্যাঙ্গ অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে দিব্যাঙ্গ মঞ্চ অসমে। কিন্তু প্ৰশ্ন হয় বাৰে বাৰে কেনেকৈ ভুৱা দিব্যাঙ্গ সোমাবলৈ সক্ষম হয় চৰকাৰী চাকৰিয়ালৰ তালিকাত? ভুৱা দিব্যাঙ্গসকলক প্ৰমাণ পত্ৰ দিয়া চিকিৎসকসকলৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহয়? দিব্যাঙ্গ মঞ্চ অসমৰ এই অভিযোগৰ পিছত মুখ্যমন্ত্ৰীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সময়ত হ'ব লক্ষণীয়।

ভুৱা দিব্যঙ্গৰ প্ৰমাণ পত্ৰৰে কেইবাজনো APSC উত্তীৰ্ণ হোৱাৰ অভিযোগঃ মেডিকেল ব'ৰ্ড গঠনেৰে পুনৰীক্ষণৰ দাবী
বিদ্যালয়ৰ প্ৰধান শিক্ষক, অভিযন্তাই মিলি খেলিছে শিক্ষাৰ্থীৰ জীৱনৰেঃগৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in