/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/dbb76416-a1f0-4ced-8147-c4017cfa68e7/roha_25.jpg)
বিদ্যালয়ৰ প্ৰধান শিক্ষক, অভিযন্তাই মিলি খেলিছে শিক্ষাৰ্থীৰ জীৱনৰেঃগৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি...
ডিজিটেল সংবাদ ৰহাঃ নগাঁও জিলাৰ ৰহাৰ আমচৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। জিলাখনৰ উচ্চ শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়খনত গৃহ নিৰ্মাণত ব্যাপক অনিয়ম হোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
প্ৰধান শিক্ষক আৰু শ্ৰেণীকোঠা নিৰ্মাণত জড়িত অভিযন্তাৰ বিৰুদ্ধে প্ৰয়োজনতকৈ কম তথা নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ৰাইজৰ অভিযোগ বিদ্যালয়খনৰ শ্ৰেণীকোঠা নিৰ্মাণত ১৬mmৰ ৮ ডাল ৰড ব্যৱহাৰ কৰাৰ সলনি ব্যৱহাৰ কৰিছে ১২ mmৰ ৪ ডাল ৰড। আনহাতে ১২mmৰ ৪ ডাল ৰড ব্যৱহাৰৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিছে ২ডাল ৰড।
অৰ্থাৎ সৰ্বমুঠ ১২ ডাল ৰড ব্যৱহাৰ কৰাৰ সলনি ব্যৱহাৰ কৰিছে মাত্ৰ ৬ ডাল ৰড । তিনিমহলীয়া এই নিৰ্মীয়মান শ্ৰেণী কোঠাত এনে নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত সহকাৰী অভিযন্তা দীপক কুমাৰ নাথ আৰু প্ৰধান শিক্ষক অৰূপ চন্দ্ৰ নাথে হেতালি খেলিব খোজা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।
এইক্ষেত্ৰত প্ৰধান শিক্ষক আৰু সহকাৰী অভিযন্তাগৰাকীয়ে প্ৰথমে দায়সৰা মন্তব্য দিয়ে যদিও পিছলৈ ভুল স্বীকাৰ কৰি শ্ৰেণীকোঠা পুনঃনিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। প্ৰধান শিক্ষক আৰু অভিযন্তাগৰাকীৰ এনে কাণ্ডক লৈ এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ।
এই সমগ্ৰ বিষয়টো সন্দৰ্ভত এক উচিত তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় স্থানীয় ৰাইজে ।