পুনৰ ২ ৰাজপত্ৰিত বিষয়াক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ এছ আই টিৰ...

পুনৰ ২ ৰাজপত্ৰিত বিষয়াক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ এছ আই টিৰ...

author-image
Asomiya Pratidin
New Update
এ পি এছ চি গোচৰৰ তদন্তত ৰাজসাক্ষী হ’বলৈ সাজু দুই অভিযুক্ত বিষয়া

পুনৰ ২ ৰাজপত্ৰিত বিষয়াক চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ এছ আই টিৰ...

ডিজিটেল ডেস্কঃ অসম লোক সেৱা আয়োগৰ কেলেংকাৰীক লৈ তদন্ত অব্যাহত আছে বিশেষ তদন্তকাৰীৰ গোটৰ। এই বিশেষ তদন্তকাৰী গোটে পুনৰ দুগৰাকী ৰাজপত্ৰিত বিষয়ালৈ প্ৰেৰণ কৰিছে জাননী।

Advertisment

এ পি এছ বিষয়া নৱনীতা শৰ্মা আৰু কল্যাণ কুমাৰ দাসক ৪ ডিচেম্বৰত চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে বিশেষ তদন্তকাৰী গোটে। ইয়াৰে নৱনীতা শৰ্মা কোকৰাঝাৰত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ আছে। আনহাতে অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাসক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

এই দুয়োগৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে আছে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ আয়োগে দাখিল কৰা প্ৰতিবেদনতো এই দুয়োগৰাকী বিষয়াৰ নাম।

Also Read: ৩ ডিচেম্বৰত নহয় মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা...

এ পি এছ চি অসম আৰক্ষী