৩ ডিচেম্বৰত নহয় মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা...

৩ ডিচেম্বৰত নহয় মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা...

author-image
Asomiya Pratidin
New Update
৩ ডিচেম্বৰত নহয় মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা...

৩ ডিচেম্বৰত নহয় মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা...

ডিজিটেল ডেস্কঃ সলনি কৰা হৈছে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ তাৰিখ। ৩ ডিচেম্বৰ, ২০২৩ দেওবাৰে ৰাজ্যখনৰ নিৰ্বাচনী ফলাফলৰ বাবে পূৰ্বে নিৰ্ধাৰিত কৰা হৈছিল যদিও নিৰ্বাচন আয়োগে ২ ডিচেম্বৰত এক নিৰ্দেশনাৰ জৰিয়তে এই দিন সলনি কৰিছে।

Advertisment

নতুন নিৰ্দেশনা অনুসৰি ৩ ডিচেম্বৰৰ পৰিৱৰ্তে ৪ ডিচেম্বৰতহে ৰাজ্যখনৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব। অৱশ্যে ছত্তিশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ ফলাফল পূৰ্ব নিৰ্ধাৰিত ৩ ডিচেম্বৰতেই ঘোষণা কৰা হ'ব।

উল্লেখ্য যে, আয়োগে জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে জনাইছে যে, মিজোৰামৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচন আয়োগৰ ওচৰলৈ ভোটগণনাৰ দিন পৰিৱৰ্তন কৰাৰ বাবে আবেদন আহিছিল। ৰাজ্যখনৰ বিভিন্ন চিভিল ছ’চাইটী আৰু ৰাজনৈতিক দলে এই দাবী উত্থাপন কৰিছিল। সেই দাবীকে মান্যতা প্ৰদান কৰি আয়োগে মিজোৰামৰ ভোটগণনাৰ দিন পৰিৱৰ্তন কৰা হৈছে।

স্মৰ্তব্য ৭ নৱেম্বৰত ভোটগ্ৰহণ হৈ যোৱা মিজোৰাম বিধানসভাৰ মুঠ আসনৰ সংখ্যা ৪০। এই ৪০ খন আসনত ১৭৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে। ইয়াৰ ভিতৰত আছে ১৮ গৰাকী মহিলা প্ৰাৰ্থী।

৮.৫৭ লাখৰো অধিক ভোটাৰে এইবাৰ কাক ৰাজ্যখনৰ ক্ষমতাৰ দায়িত্ব দিব তাকে লৈ ব্যাপক জল্পনা কল্পনা অব্যাহত আছে যদিও এক্সিট পোলে পুনৰ মিজো নেচনেল ফ্ৰণ্ট চমুকৈ এম এন এফৰ হাততেই ক্ষমতা অৰ্পণ কৰিব বুলি দাবী কৰিছে।

এক্সিট পোল অনুসৰি ৰাজ্যখনত এম এন এফে সৰ্বাধিক আসন দখল কৰিব। দ্বিতীয় স্থানত থাকিব জোৰাম পিপলছ মোভমেণ্ট আৰু তৃতীয় স্থানত থাকিব কংগ্ৰেছ।

  User
User

Also Read: গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা...

নিৰ্বাচন আয়োগ মিজোৰাম বিধানসভা নিৰ্বাচন