গুৱাহাটীৰ চান্দমাৰীত এপেক্স বেংক এজেন্ট ফেডাৰেশ্বনৰ বাৰ্ষিক সাধাৰণ সভা...

গুৱাহাটীৰ চান্দমাৰীত এপেক্স বেংক এজেন্ট ফেডাৰেশ্বনৰ বাৰ্ষিক সাধাৰণ সভা...

ডিজিটেল ডেস্ক : অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এজেন্ট ফেডাৰেশ্বনৰ বাৰ্ষিক সাধাৰণ সভাখনি দেওবাৰে গুৱাহাটীৰ চান্দমাৰীস্থ অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ এজেন্ট ফেডাৰেশ্বনৰ সভাপতি তথা অৱসৰ প্ৰাপ্ত বেংক বিষয়া হিৰণ্য কুমাৰ গগৈৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সিঁচৰিত হৈ থকা এপেক্স বেংকৰ বিভিন্ন শাখাৰ পৰা প্ৰায় ডেৰ শতাধিক এজেন্টে অংশগ্ৰহণ কৰে ৷

সংবাদকৰ্মী কিশোৰী কুমাৰ ডেকাই আঁত ধৰা সভাখনিত আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰি এপেক্স বেংকৰ কৰ্মচাৰী সংঘৰ সাধাৰণ সম্পাদক বিকাশ ৰঞ্জন দাসে ক্ষুদ্ৰ সঞ্চয় আহৰণকাৰী এজেন্টসকল এপেক্স বেংকৰ হৃদপিণ্ড বুলি অভিহিত কৰি তেওঁ বিত্তীয় প্ৰতিষ্ঠানটোৰ স্বাৰ্থত কৰ্মচাৰী সংঘ এজেন্ট ফেডাৰেশ্বণৰ কাষত যি কোনো প্ৰত্যাহ্বান নেওচি থিয় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

বিশিষ্ট ব্যক্তিৰ ভাষণ প্ৰসংগত সদ্য অৱসৰ প্ৰাপ্ত বেংক বিষয়া কমলা কলিতাই এপেক্স বেংকৰ কৰ্মচাৰী সংঘৰ ভাতৃ সংগঠন হিচাপে স্বীকৃতি প্ৰদান কৰা এজেন্ট ফেডাৰেশ্বনৰ লক্ষ্য-উদ্দেশ্যৰ বিষয়ে বিস্তৃত ভাৱে আলোকপাত কৰি কয় যে, "ক্ষুদ্ৰ সঞ্চায় আহৰণত নিয়োজিত এজেন্ট সকলৰ ইতিবাচক ভূমিকাই বিত্তীয় প্ৰতিষ্ঠানটোৰ ভেটি অধিক সুদৃঢ় কৰি তুলিছে" ৷ লগতে তেওঁ অনাগত সময়ত এজেন্ট ফেডাৰেশ্বনৰ কৰণীয় পৰিকল্পনাৰ বিষয়েও সোঁৱৰাই দিয়ে ৷

এপেক্স বেংকৰ নগাঁও শাখাৰ পৰিচালক কুমাৰ ৰমেন শইকীয়াই আমন্ত্ৰিত অতিথিৰ ভাষণত কয়- এপেক্স বেংক উত্থানত এজেন্টসকলৰ ভূমিকা অপৰিসীম ৷ তদুপৰি তেওঁ অসমৰ বিভিন্ন শাখাত হিচাপ পৰীক্ষাক হিচাপে গৈ লাভ কৰা তিতা-মিঠা অভিজ্ঞতাৰ কথা সুঁৱৰি এজেন্ট সকলক শৃংখলাবদ্ধ আৰু দৃঢ়তাৰে কামত আত্মনিয়োগ হ’বলৈ আহ্বান জনাই ৷ এপেক্স বেংকৰ গুৱাহাটী শাখাৰ পৰিচালক কমল মহন্ত, বেংক বিষয়া সকল ক্ৰমে মনেশ্বৰ বড়ো, সঞ্জীৱ ঘোষ, প্ৰবীন কুমাৰ দাস, সমৰেশ দেৱ, অমল গগৈ, দীপাধৰ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও আমন্ত্ৰিত ব্যক্তি উপস্থিত থাকে।

সভাখনত মদন সাহা, ৰিংকু কুমাৰ দাস, অমিয় কলিতা, ৰূপজান পাটগিৰি, গৌৰী শৰ্মা, মৃণাল বৰা, নৱজ্যোতি গগৈ প্ৰমুখ্যে বহু এজেন্টে কাম কাজত তেওঁলোকে সুদীৰ্ঘ বছৰ ধৰি সন্মুখীন হৈ অহা সমস্যাসমূহৰ কথা সভাত দৃষ্টিগোচৰ কৰে। অচিৰেই ইয়াৰ সমাধানৰ ব্যৱস্থাত ঊৰ্ধ্বতন কৰ্তৃপক্ষই হাত উজান দিব বুলি আশা প্ৰকাশ কৰে এজেন্টসকলে৷ সভাত হিৰণ্য কুমাৰ গগৈক সভাপতি, মদন সাহাক কাৰ্যকৰী সভাপতি আৰু ৰিংকু কুমাৰ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ এপেক্স বেংকৰ এজেন্ট ফেডাৰেশ্বনৰ শক্তিশালী নতুন সমিতিৰ পুনৰ গঠন কৰা হয় ৷

গুৱাহাটীৰ চান্দমাৰীত এপেক্স বেংক এজেন্ট ফেডাৰেশ্বনৰ বাৰ্ষিক সাধাৰণ সভা...
নলবাৰীত ধোঁৱা চাঙত অধিকাংশ জল জীৱন মিছনৰ আঁচনি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in