নলবাৰীত ধোঁৱা চাঙত অধিকাংশ জল জীৱন মিছনৰ আঁচনি...

ঠিকাদাৰৰ মইমতালী । বিভাগীয় বিষয়াৰ নাই গুৰুত্ব। "টেষ্টবৰিং" জালিয়াতিৰে চলিছে খোৱাপানী যোগান আঁচনিৰ কাম...
নলবাৰীত ধোঁৱা চাঙত অধিকাংশ জল জীৱন মিছনৰ আঁচনি...

ডিজিটেল সংবাদ, নলবাৰী : জলসিঞ্চন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ জিলা নলবাৰীত চৰম ভেকোভাওনাৰে চলিছে একাংশ জল জীৱন মিছন আঁচনিৰ কাম। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ এই আঁচনি অনুসৰি প্ৰতিতো পৰিয়ালে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী আগন্তুক নিৰ্দিষ্ট সময়ৰ ভিতৰত পাব লাগে যদিও একাংশ ঠিকাদাৰ আৰু বিভাগীয় একাংশ বিষয়াৰ চৰম মইমতালিৰ পৰিণতিত এই সম্ভাৱনা ক্ষীণ হৈ পৰিছে ।

জানিব পৰা মতে, অনুপম কানষ্ট্ৰাকচন আৰু এলাইট নামৰ দুটা নিৰ্মাণ সংস্থাই ৰাজ্যখনৰ লগতে নলবাৰী জিলাটো বৃহৎ পৰিমাণৰ কামৰ আৱন্তন লাভ কৰিছে । অভিযোগ অনুসৰি এই দুয়োটা সংস্থাই কেৱল বিল মোকলোৱাৰ উদ্দেশ্যে কাম সম্পন্ন কৰাৰ বাবে উঠিপৰি লাগি কামৰ মানদণ্ড অতি নিম্ন মানৰ কৰি তুলিছে । যাৰ ফলত আঁচনিৰ কাম সম্পূৰ্ণ হলেও ৰাইজে খোৱা পানী লাভ কৰাৰ আশা নোহোৱা হৈ পৰিছে ।

নলবাৰীত অনুপম কনষ্ট্ৰাকচনৰ দায়িত্বত থকা দুলু দাস নামৰ ঠিকাদাৰ গৰাকীয়ে জনস্বাস্থ্য বিভাগৰ এছ অ আৰু খালাচীক লগত লৈ জধে মধে আঁচনিৰ কাম কৰিবলৈ লোৱা বুলি অভিযোগ উঠিছে। খোৱা পানীৰ আঁচনিখন ৰূপায়ণ কৰিব লগা হ'লে প্ৰথমে বিভাগে নিৰ্দিষ্ট কৰি দিয়া স্থানত দ্বীপ টিউৱেল বৰিং কৰিব লাগে। আৰু উক্ত বৰিঙৰ পানী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লেৱৰেটৰিত পৰীক্ষা কৰিব লাগে যদিও অভিযোগ অনুসৰি উক্ত বৰিঙৰ পানীৰ ফলাফল নাপাওঁতেই ঠিকাদাৰে উক্ত স্থানত বাকী কাম আৰম্ভ কৰিছে।

এই ক্ষেত্ৰত একাংশ এছ অই ঠিকাদাৰৰ লগত গোপন বুজাবুজি কৰা বুলিও অভিযোগ উঠিছে। আনহাতে উক্ত টেষ্ট বৰিঙৰ পানী বিভাগীয় কৰ্মচাৰীয়ে সংগ্ৰহ কৰিব লাগে যদিও এই ক্ষেত্ৰতো চৰম ভেকোভাওনা পাতি ঠিকাদাৰে নিজে নি পৰীক্ষাৰ বাবে পানী জমা দিছে। আকৌ সেই পানী উক্ত বৰিঙৰ পানী হয়নে নহয় তাৰ কোনো নিশ্চিতি নাই। অভিযোগ অনুসৰি নলবাৰী বেলশৰৰ একাংশ তেনে লেৱৰেটৰী টেকনিচিয়ানে ৩,০০০ৰ পৰা ৫,০০০ পৰ্যন্ত টকা লৈ ঠিকাদাৰক পানীৰ ৰিপোৰ্ট দিয়াৰ অভিযোগ উত্থাপন হয়।

তদুপৰি নলবাৰী জিলাৰ বিভিন্ন স্থানত ভূ-গৰ্ভৰ পানীত ভয়ানক আৰ্চেনিক আৰু ফ্লোৰাইডৰ উপস্থিতি ধৰা পৰা বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰতিবেদনত ইতিমধ্যে প্ৰকাশ পাইছে। তেনে স্থলত জিলাখনৰ বিভিন্ন স্থানত টেষ্ট বৰিঙৰ জালিয়াতিৰে চলিছে জল জীৱন মিছন আঁচনিৰ কাম।

জানিব পৰা মতে, ইতিমধ্যে জিলাখনৰ কেইবা ঠাইতো এই টেষ্ট বৰিং পানীত আৰ্চেনিক আৰু ফ্লোৰাইডৰ উপস্থিতি ধৰা পৰিছে। তৎসত্বেও দুলু দাসকে ধৰি একাংশ বিয়াগোম নিৰ্মাণকাৰী সংস্থাই ৰাজনৈতিক প্ৰভাৱ দেখুৱাই জধে মধে আঁচনি ৰূপায়ণ কৰিবলৈ লোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে। এনেদৰে যদি জল জীৱন মিছন আঁচনিৰ কাম কৰি আগন্তুক নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ কৰিবলৈ লয় তেন্তে জিলাখনত অধিকাংশ আঁচনিয়ে যে ভেকোভাওনাত পৰিণত হ'ব সেয়াও একপ্ৰকাৰ নিশ্চিত হৈছে ।

নলবাৰীত ধোঁৱা চাঙত অধিকাংশ জল জীৱন মিছনৰ আঁচনি...
ড্ৰাগছৰ বিৰুদ্ধে সৰৱ ডিৰাকবাসী: বৃহৎ প্ৰতিবাদী সমদলে কঁপালে কেইবাখনো গাওঁ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in