জনপ্ৰিয় গায়িকাৰ সম্পাদিত ফটো ভাইৰেল কৰি আৰক্ষীৰ আলহী হ'ল অনুপল দত্ত...

জনপ্ৰিয় গায়িকাৰ সম্পাদিত ফটো ভাইৰেল কৰি আৰক্ষীৰ আলহী হ'ল অনুপল দত্ত...
জনপ্ৰিয় গায়িকাৰ সম্পাদিত ফটো ভাইৰেল কৰি আৰক্ষীৰ আলহী হ'ল অনুপল দত্ত...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ এগৰাকী বিশিষ্ট জনপ্ৰিয় ব্যক্তিৰ ফটো সামাজিক মাধ্যমত উদ্দেশ্য প্ৰণোদিত ভাৱে সম্পাদনা কৰি আপলোড কৰি আৰক্ষীৰ আলহী হ'ল এজন যুৱক। দুদিন পূৰ্বে ৰাজ্যৰ এগৰাকী জনপ্ৰিয় মহিলা কণ্ঠশিল্পীয়ে সামাজিক মাধ্যমত আপলোড কৰা ফটো সংগ্ৰহ কৰি সেই ফটো এডিট কৰি পুনৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ অপৰাধত নগাওঁ আৰক্ষীয়ে আটক কৰিছে অনুপল দত্ত নামৰ এজন যুৱকক।

উল্লেখ্য যে, অনুপল দত্ত নামৰ এই যুৱকজনৰ কাণ্ডই স্তম্ভিত কৰিছিল সচেতন লোকসকলক। যাৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তেই বিভিন্নজনে অসম আৰক্ষীৰ লগতে ডিজিপি জি পি সিঙক প্ৰত্যক্ষ ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সামাজিক মাধ্যমৰ জৰিয়তেই দাবী তুলিছিল।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এই বিষয়ে এক্স (পূৰ্বৰ টুইটাৰ)ৰ জৰিয়তে জনাইছে যে, অনুপল দত্ত নামৰ যুৱকজনক নগাওঁ আৰক্ষীয়ে আটক কৰিছে। তেওঁ সেই ফটোখন ইতিমধ্যে ডিলিট কৰিছে বুলিও জনাইছে।

ইয়াৰোপৰি সেই বিশেষ জনপ্ৰিয় ব্যক্তিগৰাকীৰ গোপনীয়তা ৰক্ষা কৰিয়েই আৰক্ষীয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনাইছে। লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এনেধৰণৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি মহিলাৰ শালীনতা ভংগ কৰাৰ চেষ্টা নকৰিবলৈও অনুৰোধ জনাইছে।

উল্লেখ্য যে, ৰাজ্যৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ ফটো বিভিন্ন ধৰণে বিভিন্নজনে এডিট কৰি সামাজিক মাধ্যমত আপলোড কৰিছিল। প্ৰথম পৰ্যায়ত এয়া এক ধেমালী বুলি ধাৰণা কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত সলকো সীমা অতিক্ৰম কৰি অনুপল দত্ত নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে জনপ্ৰিয় মহিলাগৰাকীৰ সেই ফটো এডিট কৰি সম্পূৰ্ণ নগ্ন ৰূপ দি আপলোড কৰিছিল। তাৰ পাছতেই সামাজিক মাধ্যমত সৃষ্টি হৈছিল ধুমুহা।

জনপ্ৰিয় গায়িকাৰ সম্পাদিত ফটো ভাইৰেল কৰি আৰক্ষীৰ আলহী হ'ল অনুপল দত্ত...
চন্দ্ৰপুৰত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহঃ ৰাজধানী এক্সপ্ৰেছে খুন্দিওৱাৰ সন্দেহ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in