আকৌ আহিল অম্বুবাচীঃ ভক্তৰ বাবে পথত পাৰি দিব কাৰ্পেট...

আকৌ আহিল অম্বুবাচীঃ ভক্তৰ বাবে পথত পাৰি দিব কাৰ্পেট...

author-image
Asomiya Pratidin
New Update
আকৌ আহিল অম্বুবাচীঃ ভক্তৰ বাবে পথত পাৰি দিব কাৰ্পেট...

আকৌ আহিল অম্বুবাচীঃ ভক্তৰ বাবে পথত পাৰি দিব কাৰ্পেট...

ডিজিটেল ডেস্কঃ আকৌ আহিল অম্বুবাচী। শক্তিপীঠ মা কামাখ্যাত ২২ জুনৰ নিশা ২-৩০ বাজি ৪২ ছেকেণ্ডৰ পৰা আৰম্ভ হ'ব প্ৰবৃত্তি। আনহাতে নিবৃত্তি হ'ব ২৬ জুনত।

Advertisment

ইবাৰ অম্বুবাচীক লৈ নীলাচল পাহাৰত চলিছে ব্যাপক প্ৰস্তুতি। ভক্তৰ সুবিধা হোৱাকৈ গ্ৰহণ কৰা হৈছে বিভিন্ন সিদ্ধান্ত।

পূৰ্বৰ দৰেই ভক্তৰ বাবে নিৰ্মাণ কৰা হ'ব কেম্প। ২২ জুনৰ নিশা ২-৩০ বাজি ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি উপলক্ষে মা কামাখ্যাৰ দুৱাৰ বন্ধ হোৱাৰ পাছত ২৬ জুনৰ নিবৃত্তি উপলক্ষে পুৱা নিত্য পূজাৰ পাছতে খোলা হ'ব মন্দিৰৰ দুৱাৰ।

অম্বুবাচীলৈ আগমণ ঘটিবলগীয়া লাখ লাখ ভক্তৰ বাবে পথত থাকিব খোৱা পানীৰ সুব্যৱস্থা। জানিব পৰা মতে নাৰ্ছাৰীৰ পৰা কামাখ্যালৈ যোৱা পথত থাকিব ভক্তৰ বাবে খোৱা পানীৰ সুব্যৱস্থা।

ইয়াৰোপৰি ভক্তৰ বাবেই সমগ্ৰ পথটোত পাৰি দিয়া হ'ব কাৰ্পেট। এইবাৰ ভক্তৰ বাবে নিৰ্মাণ কৰা হ'ব দুটা কেম্প। এই দুয়োটা কেম্প থাকিব পাণ্ডুত। নিশা ৯ বজাৰ পাছত কামাখ্যাত প্ৰৱেশ কৰিব নোৱাৰিব ভক্তই।

Also Read: দিল্লী আৰক্ষীৰ মন্তব্যই সকাহ দিলে মল্লযুঁজাৰুকঃ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰীৰ মন্তব্যই বিপদ বঢ়ালে ব্ৰীজ ভূষণৰ...

কামাখ্যা