দেশ, জাতি, অসমৰ বাবে নহয়, বিজেপিৰ ভোটৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ !

দেশ, জাতি, অসমৰ বাবে নহয়, বিজেপিৰ ভোটৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ !
দেশ, জাতি, অসমৰ বাবে নহয়, বিজেপিৰ ভোটৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ !

ডিজিটেল সংবাদ কলিয়াবৰ: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সম্পৰ্কত বৃহস্পতিবাৰে কলিয়াবৰ মহকুমাৰ ন্যায়িক আদালতৰ চৌহদত বিস্ফোৰক বক্তব্য আগবঢ়ায় বিধায়ক অখিল গগৈয়ে। ২০১৬ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত দেওচুৰ আৰু বান্দৰডুবিত প্ৰশাসনে চলোৱা উচ্ছেদ সন্দৰ্ভত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সম্পৰ্কত কলিয়াবৰ মহকুমা ন্যায়িক আদালতত হাজিৰ হোৱাৰ পাছতে বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰে গগৈয়ে।

বিধায়ক অখিল গগৈয়ে কয় - সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সাংঘাটিক ধৰণে সাম্প্ৰদায়িক। বি জে পিয়ে কেৱল নিজে জিকিব পৰা ভোটৰ সমষ্টি তৈয়াৰ কৰিবৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। দেশৰ পক্ষত, জাতিৰ পক্ষত, অসমৰ পক্ষত নহয়, বি জে পি জয়ী হ'ব লাগে বাবেই এই পক্ৰিয়া আৰম্ভ কৰিছে।

বাঙালী হিন্দুসকলৰ বাবেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।খিলঞ্জীয়াসকলৰ পৰম্পৰাগত সমষ্টিৰ ক্ষতিসাধন কৰিছে। উল্লেখ্য যে, কলিয়াবৰ, কাজিৰঙাত ২০১৭ চনত হোৱা উচ্ছেদ সম্পৰ্কত পঞ্জীয়ন হৈ থকা পি আৰ চি ২৮২/১৭ নম্বৰৰ গোছৰত বৃহস্পতিবাৰে আদালতত হাজিৰ হয় বিধায়ক অখিল গগৈ।

অখিল গগৈৰ অধিবক্তা আব্দুল হাছিমুদ্দিন আৰু গজেন শইকীয়াই জানিব দিয়া মতে অখিল গগৈৰ বিৰুদ্ধে চৰকাৰে আক্ৰোশমূলক ভাবে গোচৰ ৰুজু কৰিছে। নগাঁও জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত দিপাংকৰ দাসে দাখিল কৰা অভিযোগত ৰুজু হোৱা পি আৰ চি ২৮৭/১৭ আৰু আৰ টি আই কৰ্মী দুলাল বৰাই দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু কৰা পি আৰ চি ১৮১/২২ নম্বৰৰ গোচৰ সন্দৰ্ভত অধিবক্তা গজেন শইকীয়াই এই দৰে কয়।

দেশ, জাতি, অসমৰ বাবে নহয়, বিজেপিৰ ভোটৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ !
কাঠাৰিয়ালৈ ইমান দৰদ কিয় হাউচ ফেডৰ?তদন্ত কৰক মুখ্যমন্ত্ৰীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in