কটন বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ শিক্ষক-শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলনৰ প্ৰস্তুতি

দীপক শৰ্মাক সভাপতি আৰু ড০ হীৰেন ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ সতীৰ্থ সন্মিলনৰ আদৰণি সমিতি গঠন
কটন বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ শিক্ষক-শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলনৰ প্ৰস্তুতি

ডিজিটেল ডেস্কঃ ঐতিহ্যমণ্ডিত কটন কলেজ তথা বৰ্তমানৰ কটন বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰথমখন ন-পুৰণি শিক্ষাৰ্থী আৰু শিক্ষাগুৰুসকলৰ সতীৰ্থ সন্মিলন আয়োজনৰ বাবে প্ৰস্তুতি। এই সন্মিলনখনি অনুষ্ঠিত কৰাৰ উদ্দেশ্যে আগত লৈ দেওবাৰে বিশ্ববিদ্যালয়ৰ কন্ফাৰেন্স হলত গণিত বিভাগৰ মুৰব্বী অধ্যাপক দীপক শৰ্মাৰ নেতৃত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হয়।

জানিবলৈ দিয়া মতে সভাত সতীৰ্থ সন্মিলনৰ আদৰণি সমিতি গঠন কৰা হয়। অধ্যাপক দীপক শৰ্মাই অনুষ্ঠিতব্য সতীৰ্থ সন্মিলন আয়োজনৰ উদ্দেশ্য আৰু প্ৰস্তুতিৰ বিষয়ে সভাত উপস্থিত থকা সকলৰ আগত সদৰী কৰে। অধ্যাপক শৰ্মাই জনোৱা অনুসৰি গৌৰৱোজজ্বল ১২২ বছৰীয়া বিভাগটোৰ পৰা বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে স্নাতক, স্নাতকোত্তৰ আৰু গৱেষণা কৰি দেশৰ ভিন ভিন ঠাইত নিয়োজিত হৈ আছে।

বিভাগটোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বৰ্তমানৰ শিক্ষাৰ্থী তথা বিভাগৰ সৈতে নিবিড় সম্পৰ্ক অক্ষুণ্ণ ৰখাত সন্মিলখনে বিশেষ ভূমিকা ল'ব বুলি আশা প্ৰকাশ কৰে। প্ৰাক্তন শিক্ষাৰ্থীসকলে অনুষ্ঠানত যোগদান কৰিব পৰাকৈ গুগুল ফৰ্ম পূৰণ কৰি সদস্য ভৰ্তিৰ ব্যৱস্থা কৰা হৈছে।

প্ৰায় ১০০ গৰাকী প্ৰাক্তন আৰু বৰ্তমান কটনিয়ানৰ উপস্থিতিত সতীৰ্থ সন্মিলনৰ আদৰণি সমিতি গঠন কৰা হয়। বিভাগৰ মুৰব্বী অধ্যাপক দীপক শৰ্মাক সভাপতি আৰু ড০ হীৰেন ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ সতীৰ্থ সন্মিলনৰ আদৰণি সমিতি গঠন কৰা হয়। প্ৰাক্তন কটনিয়ান তথা বৰ্তমান বি. বৰুৱা মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী ড০ অঞ্জনা ভট্টাচাৰ্য্য আৰু আই আই টি গুৱাহাটীৰ সহযোগী অধ্যাপক ড০ ৰূপম বৰ্মনে সন্মিলনখন সুন্দৰকৈ অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে পৰামৰ্শ দিয়ে।

কটন বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ শিক্ষক-শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলনৰ প্ৰস্তুতি
অসম কৃষি বিশ্ববিদ্যালয়ত আন্তর্জাতিক চাহ দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in