/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/304384f2-69fd-4f82-baa4-c27e9ff634e3/31.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : শিশুৰ মংগলকামী অনুষ্ঠান সদৌ অসম মইনা পাৰিজাতৰ প্ৰতিষ্ঠাৰ ৭৫ বছৰ উপলক্ষে হীৰক জয়ন্তীৰ ২০২৪ আৰু ২০২৫ বৰ্ষত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হয়। সেই অনুসৰি দেওবাৰে গুৱাহাটীৰ সৰুসজাইৰ পাৰিজাত প্ৰকল্পত কাৰ্য্যসূচীসমূহৰ শুভাৰম্ভ কৰা হয় ।
সদৌ অসম মইনা পাৰিজাতে হীৰক জয়ন্তী বৰ্ষটো মহাৰজত জয়ন্তী বৰ্ষ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাৰজত জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী পতাকা উত্তোলন কৰে সদৌ অসম মইনা পাৰিজাতৰ উপদেষ্টা বীৰেন শইকীয়াই। স্মৃতি তৰ্পন কৰে উপদেষ্টা তথা শিশু মহিয়ান জীতেন ভাগৱতীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b5d28c2a-b582-40db-a3b2-914e4ce9743d/eafca5cb-973e-4173-95c1-e369d26db4d8.jpg)
ইয়াৰ পাছতে মহাৰজত জয়ন্তীৰ শীৰ্ষ গীত "থীম চং" উন্মোচন কৰে প্ৰাক্তন মইনা তথা বিশিষ্ট সংগীতশিল্পী মৌচুমী চহৰীয়াই । পাৰিজাত সংবাদ উন্মোচন কৰে প্ৰাক্তন মইনা তথা অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ সঞ্চালক ড০ জয়দ্বীপ বৰুৱাই ।
ইয়াৰ মাজতে মইনা পাৰিজাতৰ বেবচাইট উন্মোচন আৰু মহাৰজত জয়ন্তীৰ বৰ্ষজোৰা কাৰ্য্যসূচী ঘোষণা কৰা হয়। প্ৰকৃতি আৰু মইনাৰ সৰ্বাঙ্গীন উন্নতি সম্পৰ্কে বক্তব্য প্ৰদান কৰে পদ্মশ্ৰী যাদৱ পায়েং আৰু প্ৰকৃতি কৰ্মী সৌম্যদ্বীপ দত্তই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/af2a4529-620d-4692-8544-c316bb6a060c/2259b95c-c402-48b0-988b-89b806683dad.jpg)
ইয়াৰ পাছতে মইনা মেল অনুষ্ঠিত হয় । পৰিচালনা কৰে প্ৰাক্তন মইনা তথা অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাই। বিভিন্ন জিলাৰ পৰা অংশগ্ৰহণ কৰা মইনাসকলৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে গুৱাহাটী জিলা মইনা পাৰিজাতে।
সাংস্কৃতিক অনুষ্ঠানত ২২ খন জিলা সমিতিয়ে অংশ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ২৬ জুলাইত সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা মইনাসকলৰ বাবে প্ৰস্তুত কৰি উলিওৱা শিবিৰ উদ্ঘাটন কৰাৰ প্ৰক্ মূহুৰ্তত প্ৰচাৰ সম্পাদক ৰবীন মহন্তই এগছি বন্তি প্ৰজ্বলন কৰে আৰু উপসভাপতি প্ৰদীপ হাজৰিকাই দ্বাৰ মুকলি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1a47be31-a1e2-4dd0-97d0-f79627319102/37797163-dc6d-492a-b0ad-5b602637668a.jpg)
উদ্ধোধনী অনুষ্ঠানটিৰ আঁত ধৰে প্ৰধান সম্পাদক ৰাতুল বৰাই আৰু সাংস্কৃতিক অনুষ্ঠানটি আঁত ধৰে সহসম্পাদক দ্বীজেন বৰাই।
Also Read: দৰঙত সামগ্ৰিক বান পৰিস্থিতিক লৈ পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ