/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0a2cf298-2996-4e93-b32d-400dcb339f7e/30.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে দৰং জিলা ভ্ৰমণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতিক লৈ এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। লগতে ১ নং গেৰিমাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a0e963b9-5579-47f6-858d-aaa23487e0a2/bd4eb07b-c9a4-4f81-99ae-7c5f125875e8.jpg)
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি দৰং জিলাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে সাংসদ দিলীপ শইকীয়া, জিলাখনৰ বিধায়কসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ পৰা বান পৰিস্থিতিৰ বুজ লৈ বিভাগসমূহে কৰি থকা কামসমূহৰ পৰ্যালোচনা কৰে । জিলাখনৰ বান প্ৰতিৰোধী ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰিবলৈ আজিৰ পৰ্যালোচনা বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি জিলাখনত মুঠ ২৬ কিল'মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/8319f7d8-e2d8-4e4a-bf23-5406d58877f6/b20f143d-eef7-48f3-9097-87467904bf48.jpg)
এই প্ৰস্তাৱ অনুসৰি ডিমলা নদীৰ দুয়োপাৰে ১০ কিল'মিটাৰকৈ ঘাগ্ৰা নদীলৈ সংযোগ কৰি মুঠ ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে বৈঠকত উল্লেখ কৰে । আনহাতে জিলাখনৰ চেৰেঙৰপৰা ৰঙামাটি-কুুৰুৱা পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় ৬ কিল'মিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ec7c49cd-f04f-4bc4-b5cd-0e7b235be3e4/b79ff389-cfbd-440a-9a9a-c35ad7cfebfa.jpg)
এই মথাউৰিয়ে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ চৌহদ আৰু প্ৰস্তাৱিত দৰং চিকিৎসা মহাবিদ্যালয়ৰ স্থান সুৰক্ষিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে মঙলদৈ বিধানসভা সমষ্টিৰ ১নং গেৰিমাৰী অঞ্চলত বহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিগি নিয়া গেৰিমাৰী সংযোগী মূল পথটো আৰু বেগা নৈয়ে সৃষ্টি কৰা গৰাখহনীয়াৰ স্থান পৰিদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/af0c7a88-032a-420c-b1b9-9af78fe0ed7d/19a15134-1214-4a79-a986-852b2482556c.jpg)
ইয়াৰোপৰি অঞ্চলবাসীৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰে । পথ মেৰামতিৰ কাম যিমান দূৰ সম্ভৱ সোনকালে সম্পন্ন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে ।
Also Read: মহাপুৰুষ !