হেমকোষ ব্ৰেইলৰ গীনিজ ৰেকৰ্ডৰ বাবে জয়ন্ত বৰুৱাক অভিনন্দন সদৌ অসম সাংবাদিক সন্থাৰ...

হেমকোষ ব্ৰেইলৰ গীনিজ ৰেকৰ্ডৰ বাবে জয়ন্ত বৰুৱাক অভিনন্দন সদৌ অসম সাংবাদিক সন্থাৰ...

ডিজিটেল ডেস্কঃ হেমকোষ ব্ৰেইলে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পোৱাৰ লগতে এই ৰেকৰ্ডৰ আনুষ্ঠানিক স্বীকৃতি পত্ৰ গ্ৰহণ কৰাৰ পাছতে আজি সদৌ অসম সাংবাদিক সন্থাৰ এক প্ৰতিনিধি দলে হেমকোষ ব্ৰেইলৰ প্ৰকাশক জয়ন্ত বৰুৱাক তেখেতৰ বাসগৃহত গৈ অভিনন্দন জ্ঞাপন কৰে।

''পূৰ্বাকাশত হেঙুলীয়া সুৰুযটোৱে যেতিয়ালৈক প্ৰকাশি থাকিব সিদিনালৈ 'হেমকোষ' জাতিৰ স্বাভিমানী ধ্বজা হৈ উৰিব।'' 'হেমকোষ' অভিধানৰ বিশ্বজনীন যাত্ৰাৰ সুবাদত 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক তথা 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক তেখেতৰ বাসভৱনত গৈ সম্বৰ্ধনা জ্ঞাপন কৰি এই মন্তব্য কৰে সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি, বিশিষ্ট সাহিত্যিক, সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাই।

সদৌ অসম সাংবাদিক সন্থাৰ এগৰাকী অগ্ৰমাণ্য শুভাকাংক্ষী তথা মাৰ্গদৰ্শক মান্যতাৰে জয়ন্ত বৰুৱাক সম্বৰ্ধনাা জনোৱা এই অনুষ্ঠানটোৰ আঁত ধৰি শৰ্মাই আকৌ কয়- 'হেমকোষ' যিদৰে হেমচন্দ্ৰ বৰুৱাৰ যুগপৎ সৃষ্টি একেদৰে তাক বিশ্ব ঐতিহ্য আৰু সাহিত্যৰ জ্ঞানগংগা ৰূপত সজাই তোলা জয়ন্ত বৰুৱা এগৰাকী মহান অসমীয়া ৰূপে চিৰজ্যোতিষ্মান হৈ থাকিব প্ৰতিজনৰ হৃদয়ত।

সংগঠনটোৰ সভাপতি পংকজ কুমাৰ নাথে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে সাধাৰণ সম্পাদক নকুল তালুকদাৰে এখন সৰ্থেবাৰীত নিৰ্মিত অসমীয়া শৰাইৰে অভিনন্দন জনায় । অভিনন্দন গ্ৰহণ কৰি বৰুৱাই কয়, আমি চিৰদিনলৈ আপোনালোকৰ মৰমৰ ঋণী হৈ ৰ'লো, পৰম অনুগৃহীত হ'লো । গীনিজ বুকৰ সন্মান মোৰ নহয় ই অসমৰ ৰাইজৰ সামূহিক সন্মান।

আজুৰ সভাপতি পংকজ কুমাৰ নাথে কয়- জয়ন্ত বৰুৱাৰ মহানতা , কৰ্মনিপুণতা জাতিৰ গৌৰৱময় পৰিচয় বহন কৰে। প্ৰতিনিধি দলটোত আৰু আছিল সাংবাদিক সন্থাৰ মুখ্য উপদেষ্টা মনোৰঞ্জন ভট্টাচাৰ্য, উপদেষ্টা ভোলানাথ নাথ , বিত্ত সম্পাদক মিন্টু হেমৰম , সাংগঠনিক সম্পাদক সুভাষ কাকতি আৰু সহ সম্পাদক নয়ন কলিতা।

আটায়ে বৰুৱাৰ শ্ৰীবৃদ্ধি আৰু সু-স্বাস্থ্য কামনা কৰি ভৱিষ্যতে আৰু অধিক সৃষ্টিধৰ্মী কামত মনোনিবেশ কৰিবলৈ সবিনয়ে অনুৰোধ কৰে।

হেমকোষ ব্ৰেইলৰ গীনিজ ৰেকৰ্ডৰ বাবে জয়ন্ত বৰুৱাক অভিনন্দন সদৌ অসম সাংবাদিক সন্থাৰ...
আন্তঃৰাষ্ট্ৰীয় চুটি চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শন অসম সন্তান অধিৰাজৰ চুটি ছবি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in