আন্তঃৰাষ্ট্ৰীয় চুটি চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শন অসম সন্তান অধিৰাজৰ চুটি ছবি...

আন্তঃৰাষ্ট্ৰীয় চুটি চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শন   অসম সন্তান অধিৰাজৰ চুটি ছবি...

ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰাচীনতম আন্তঃৰাষ্ট্ৰীয় চুটি চলচিত্ৰ মহোৎসৱ জাৰ্মানীৰ ইন্টাৰনেছনেল ছর্ট ফিল্ম ফেষ্টিভেল অ'বাৰহউচেনলৈ আমন্ত্ৰিত হৈছে অসম সন্তানৰ এখন ছুটি ছবি। অধিৰাজ কাশ্যপৰ 'ইন দ্য লেপ অফ মাউন্টেইন' ২৯ এপ্ৰিলত প্ৰদৰ্শন হয় উক্ত চুটি চলচিত্ৰ মহোৎসৱলৈ। ২৬ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি পৰে ১ মে'ত।

পুনাস্থিত দেশৰ প্ৰখ্যাত চলচ্চিত্ৰ শিক্ষা প্রতিষ্ঠান ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়া (এফ টি আই আই) ৰ ফিল্ম ডাইৰেকশ্বন শোষান্ত ষান্মাসিকৰ ছাত্ৰ অধিৰাজ কাশ্যপৰ এই ছবিখনেই হ'ল সমগ্ৰ দেশৰ পৰা এই ঐতিহ্যমণ্ডিত আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হোৱা একমাত্ৰ ভাৰতীয় ছবি ।

২০ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনত মহাৰাষ্ট্ৰৰ গোলে গাওঁ নামৰ এখন আদিবাসী অধ্যুষিত গাঁওত কিদৰে জাতিভেদ প্রথা শিপাই আছে আৰু তাৰ বাসিন্দাসকলে কেনেকৈ তাৰ মাজত নিজৰ ঐতিহ্যক ধৰি ৰাখিছে সেই বিষয়ে দৰ্শোৱা হৈছে। উল্লেখ্য যে গুৱাহাটী নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্র তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান প্রাপক অধিৰাজে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা পদার্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

পৰৱৰ্তী সময়ত চলচিত্র বিষয়ত আগ্ৰহী অধিৰাজে পুনাৰ এফ টি আই আইত নামভৰ্তি কৰে আৰু সম্প্ৰতি উক্ত অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছে । অধিৰাজে এই চলচ্চিত্ৰখনৰ প্ৰযোজনাও পুনাস্থিত এফ টি আই আইয়ে কৰিছে। ৬৯ সংখ্যক বিশ্ব প্রসিদ্ধ চুটি চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ জাৰ্মানীৰ এই চলচিত্ৰ মহোৎসৱৰ কৰ্তৃপক্ষৰ ফালৰ পৰা অধিৰাজক আমন্ত্ৰণ কৰা হৈছিল। অৱশ্যে নিজৰ পাঠ্যক্ৰমৰ সৈতে ব্যস্ত হৈ থকাৰ বাবে তেওঁ এই মহোৎসৱত ব্যক্তিগভাৱে উপস্থিত থাকিব নোৱাৰিলে অধিৰাজে।

ইয়াৰ পূৰ্বেও ২০১৮ চনত 'ব্রোকেন স্পেক্টৰ' নামৰ এখন তথ্যচিত্ৰ অধিৰাজে নিৰ্মাণ কৰি উলিয়াইছিল। উক্ত তথ্য চিত্ৰত পৱিত্ৰ ৰাভাৰ 'দাপোন দ্য মিৰৰ' নামৰ শিল্প দলটোৰ কাম কাজক উপস্থাপন কৰা হৈছিল । এই তথ্যচিত্ৰখনেও দৰ্শকৰ মন বিশেষ আকৰ্ষণ কৰিছিল এই তথ্য চিত্ৰ খনে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত কেইবাটাও বঁটা বুটলিবলৈ সক্ষম হৈছিল ।

চিত্ৰ পৰিচালনাৰ বাহিৰেও অধিৰাজে ইংৰাজী আৰু অসমীয়া সাহিত্যত গভীৰ অনুৰাগ পৰিচয় দিছে। জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ বিয়োগৰ পিছত তেওঁৰ আঠটা কবিতাৰ ইংৰাজী অনুবাদ আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত অধিৰাজে প্ৰকাশ কৰি উলিয়াইছে। ইংৰাজী ভাষাত লিখা অধিৰাজৰ কেইবাটাও কাহিনীয়ে পঢ়ুৱৈৰ মন আকৰ্ষিত কৰিছে।

উল্লেখ্য অধিৰাজৰ পৰিচালনাৰ 'ইন দ্য লেপ অফ মাউন্টেইন' এই চুটি চলচ্চিত্ৰখনত কেমেৰাৰ দায়িত্বত আছে ছেজল কোঠাৰী , সম্পাদনাৰ দায়িত্বত আছে সোমপ্রকাশ চাহু আৰু শব্দত আছে স্নেহা সুন্দৰ। তৰুণ পৰিচালক অধিৰাজ কাশ্যপৰ এই সফলতাই চলচ্চিত্ৰৰ সৈতে জড়িত সকলোৰে লগতে ৰাজ্যবাসীক আনন্দিত কৰিছে।

আন্তঃৰাষ্ট্ৰীয় চুটি চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শন   অসম সন্তান অধিৰাজৰ চুটি ছবি...
কেদাৰনাথ ধামলৈ যোৱাৰ পৰিকল্পনা আছে নেকি ? যোৱাৰ আগত সাৱধান হওঁক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in