/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e297c669-38f9-4166-9dcf-40fc0aaa57cf/112.jpg)
ডিজিটেল ডেস্ক : আপুনি-মই হয়তো কাঠৰে নিৰ্মিত নাও অথবা লোৰে নিৰ্মিত জাহাজত জলপথেৰে যাত্ৰা কৰিছো। লো অথবা কাঠেৰে নাও নিৰ্মাণ কৰাৰ উপৰি বাঁহৰেও যে নাও নিৰ্মাণ কৰিব পাৰি তাক জানিলে আচৰিত হ'ব।
অসমৰ হাবিত প্ৰচুৰ পৰিমাণে বাঁহ পোৱা যায়। এই সুবিধা গ্ৰহণ কৰিয়েই অসমৰ থলুৱা উদ্যোগ 'একভোট্ৰেন্সিৰো টেক প্ৰাইভেট লিমিটেডে' গ্ৰহণ কৰিছে অভিনৱ পদক্ষেপ। থলুৱা উদ্যোগটোৱে ইতিমধ্যে বাঁহক প্ৰধান উপাদান হিচাপে লৈ ৪ খনকৈ সৰু-বৰ নাও নিৰ্মাণ কৰি উলিয়াইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/df557816-e211-4e70-8669-c2d0f657780c/5764c1cf_caea_423c_9213_0f672f49cd86.jpg)
যাৰ ওজন মাত্ৰ ৩০ কিলোগ্ৰামৰ পৰা সৰ্বোচ্চ ৬৫০ কিলোগ্ৰাম। আকাৰ অনুসৰি এই নাৱসমূহে ৪ৰ পৰা ১৮ জন মানুহৰ ভৰ সহিব পৰা ক্ষমতা আছে। উদ্যোগটোৰ বিষয়ববীয়াই জনোৱা অনুসৰি ইয়াৰ উদ্দেশ্য মূলতঃ বানক্ৰান্ত অঞ্চলসমূহত যাতে মানুহে বানসাহাৰ্য,নাইবা বয়-বস্তুসমূহ নিৰাপদ স্থানলৈ নিব পাৰে তাৰবাবে বাঁহেৰে নাও নিৰ্মাণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8d41dffe-8585-4d6e-ba12-fdc997cca0b3/2527038e_12a2_48ab_98c6_06c19a7a25fc.jpg)
সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে আৰু পৰীক্ষণ কাৰ্য সম্পূৰ্ণ কৰি নাৱসমূহ নিৰ্মাণ কৰা হৈছে। গুৰুত্বপূৰ্ণ কথা যে আন নাৱৰ তুলনাত বাঁহৰে নিৰ্মিত নাৱৰ খৰচ একেবাৰেই কম। লগতে এই নাৱসমূহ প্ৰায় ১০-১৫ বছৰলৈকে কোনো অনিষ্ট নোহোৱাকৈ কাৰ্যক্ষম হৈ থাকে।
এই নাৱসমূহৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হয় মূলতঃ ৮৫ শতাংশ বাঁহ,১০ শতাংশ পলিমাৰ আৰু মাত্ৰ ৫ শতাংশ আঠাযুক্ত চেন্দুইজ কম্পোজিত নামৰ এবিধ পদাৰ্থ।লগতে নাৱৰ কাষবোৰত ফাইবাৰ গ্লাছ ব্যৱহাৰ কৰা হয়। যাতে ঘঁহনি খালে কোনো ক্ষয়-ক্ষতি নহয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ee5c48cf-d72a-4f56-8ac4-55498339c6db/c19a5e64_29a2_467e_85aa_35f5b6c4a8fd.jpg)
মহানগৰীৰ ধাৰাপুৰৰ দীপৰ বিলৰ ওচৰত থকা উদ্যোগটোৱে ইতিমধ্যে ৪খন নাও নিৰ্মাণ কৰিছে। ইয়াৰ আটাইতকৈ ডাঙৰ নাৱখন ভটভটীৰ পৰিপূৰক হিচাপে ব্ৰহ্মপুত্ৰত চলাচল কৰা বুলি জানিবলৈ দিয়ে।
এই নাৱখনৰ ওজন প্ৰায় ১২০ কেজি। এই নাৱখনে সৰ্বাধিক ১৮ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰে। আনহাতে ডাঙৰ ডাঙৰ নাও নিৰ্মাণ পৰিকল্পনা হাতত লোৱা থলুৱা উদ্যোগটোৱে পাণ্ডুতো উদ্যোগ স্থাপনৰ বাবে পৰিকল্পনা হাতত লৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/60137772-ce3c-421d-886d-395a3fa59edf/d2ceaf77_5f04_49a8_9d5c_123e24b02ae6.jpg)
কেৱল ব্ৰহ্মপুত্ৰত চলাচল কৰাৰ বাবে এই নাৱসমূহ নিৰ্মাণ কৰা হ'ব। উল্লেখ্য যে, এই উদ্যোগ স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সহায়ৰ কথা কৈছিল যদিও সম্প্ৰতি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে।
Also Read: দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ