দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ

দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ

ডিজিটেল সংবাদ,মঙলদৈ : দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ ৷ দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা বিভাগত সংঘটিত প্ৰায় ১০০ কোটি টকীয়া কেলেংকাৰীৰ বাতৰি প্ৰকাশৰ পিছতেই বিষয়া-কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ লাগিছে।

Advertisment

উল্লেখ্য যে, শুকুৰবাৰে উক্ত ঘটনা সন্দৰ্ভত বাতৰি প্ৰকাশ হৈছিল। বিষয়টোৰ গুৰুত্ব বুজি ইতিমধ্যে জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে তদন্ত ঘোষণা কৰা বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি আয়ুক্ত কাৰ্যালয়ৰ আশীৰ্বাদপুষ্ট নিবিদা লাভ কৰা প্ৰতিষ্ঠান এটাৰ জৰিয়তে দুটা বেংক একাউন্টত ইতিমধ্যে প্ৰায় এশ কোটি টকা সৰকাই নিছে। নিষ্ক্ৰিয় জি এছ টিৰে বৃহৎ কৰ ফাঁকি দি প্ৰতিষ্ঠানটোৱে দুটা বেংক একাউণ্টৰ জৰিয়তে নিবাৰণ বৰা নামৰ ঠিকাদাৰজনে বৃহৎ ধন উলিয়াই নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ দুৰ্যোগ প্ৰশমন বিভাগৰ নিবিদা লাভ কৰা MD Enterprise নামৰ প্ৰতিষ্ঠানটোৱে নিষ্ক্ৰিয় জি এছ টি নং ব্যৱহাৰ কৰি দুটা বেংক একাউন্টৰ জৰিয়তে কোটি কোটি টকা উলিয়াই নিয়াৰ তথ্য বৃহস্পতিবাৰে পোহৰলৈ আহিছিল ৷ এই সমগ্ৰ কাণ্ড সন্দৰ্ভত তদন্ত কৰিলে জিলাখনৰ বহু বিষয়া কৰ্মচাৰী যে, জালত পৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে।

উল্লেখযোগ্য যে আয়ুক্ত কাৰ্যালয়ৰ উঠি ৰজা বহি ৰজা, বহু বহু ডাঙৰ মানুহৰ লগত উঠা বহা কৰা নিবাৰণ বৰা নামৰ ঠিকাদাৰজনে এই বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে জিলা আয়ুক্তৰ কাৰ্য্যালয়ত হাহাকাৰ লাগে ৷ মল্লিকা বৰ্মন আৰু দীপক বৰুৱা মালিকনাধীন MD Enterprise ৰ নামত নিবাৰণ বৰাই কৰা দুৰ্নীতিৰ কথা পূৰ্বেও প্ৰকাশ হৈছিল।

উল্লেখ্য যে, নিবাৰণে ২০২০-২০২২ বৰ্ষত দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা বিভাগৰ জৰিয়তে বানপিড়িত তথা বানাক্ৰান্ত পশুধনৰ খাদ্য যোগানৰ নামত নিবিদা লাভ কৰিছিল। পশু খাদ্যৰ নামত কাঠৰ গুৰি যোগান ধৰাৰ বাতৰি সেই সময়ত প্ৰকাশ হৈছিল।

কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে, উক্ত বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ আশীৰ্বাদপুষ্ট নিবাৰণ বৰাই দুৰ্নীতিৰে এই প্ৰতিষ্ঠানটোৰ অধীনত ঠিকাসমূহ আবন্টন লৈ প্ৰতিষ্ঠানটোৰ ধন উলিওৱাৰো অভিযোগ উত্থাপন হৈছে। জানিব পৰামতে, প্ৰতিষ্ঠানটোৰ অসম গ্ৰামীণ বিকাশ বেংকৰ মঙলদৈ শাখাৰ জৰিয়তে কিছু ধন উলিওৱাৰ বিপৰীতে খোদ নিবাৰণ বৰাৰ নামত থকা বন্ধন বেংক মঙলদৈ শাখাত থকা একাউণ্টৰ জৰিয়তে নিবিদাৰ লাখ- লাখ টকা উলিয়াই নিয়াৰ অভিযোগ উঠিছে ৷

ইপিনে MD Enterprise ৰ হৈ নিবাৰণ বৰাইহে নথি পত্ৰত জাল চহী কৰি অহাৰো তথ্য পোহৰলৈ আহিছে ৷ এই কেলেংকাৰী সন্দৰ্ভত এজন যুৱকে ইতিমধ্যে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে। আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত অতিৰিক্ত উপায়ুক্তক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

Also Read: খাদ্যত বিষক্রিয়া হৈ শিশুসহ ১০গৰাকী অসুস্থ

Darrang district commissioner