অসমৰ তৰুণ ক্ৰিকেটাৰক কুমাৰ চাংগাকাৰে দিব টিপছঃ ৰাজস্থান ৰয়েলছৰ বিশেষ পদক্ষেপ...

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ সংবাদ মেল
অসমৰ তৰুণ ক্ৰিকেটাৰক কুমাৰ চাংগাকাৰে দিব টিপছঃ ৰাজস্থান ৰয়েলছৰ বিশেষ পদক্ষেপ...
অসমৰ তৰুণ ক্ৰিকেটাৰক কুমাৰ চাংগাকাৰে দিব টিপছঃ ৰাজস্থান ৰয়েলছৰ বিশেষ পদক্ষেপ...

ডিজিটেল ডেস্কঃ ৰাজ্যত ৰঙালী বিহুৰ উন্মাদনা আৰু লোকসভা নিৰ্বাচনৰ বতাহে সকলোকে স্পৰ্শ কৰাৰ সময়তে ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক ভাল খবৰ। নিৰ্বাচনী বতাহজাক শান্ত হোৱাৰ পাছতেই ৰাজ্যত আৰম্ভ হ'ব ক্ৰিকেটৰ মহাৰণ।

ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত খেলিব দুখনকৈ হাইভল্টেজ মেচ। ইতিমধ্যে আই পি এলৰ দ্বিতীয়খন সূচীত এই কথা নিশ্চিত হোৱাৰ পাছত আজি ৰাজস্থান ৰয়েলছৰ মেনেজমেণ্টে অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এক সংবাদ মেল সম্বোধন কৰি মেচ দুখনৰ বাবে তেওঁলোকে গ্ৰহণ কৰা সবিশেষ পদক্ষেপৰ বিষয়ে প্ৰকাশ কৰিছে।

প্ৰথমবাৰৰ বাবে এই মেচ দুখনৰ সময়তে অসমৰ ক্ৰিকেটাৰে শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক, ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক তথা বিশ্ব ক্ৰিকেটৰ অন্যতম মহান ক্ৰিকেটাৰ হিচাপে পৰিচিত কুমাৰ চাংগাকাৰাৰ সৈতে মত বিনিময়ৰ সুযোগ লাভ কৰিব। ফ্ৰেঞ্চাইজিটোৰ ফালৰ পৰা আজিৰ সংবাদ মেলত এই বিষয়ে উল্লেখ কৰিছে।

তেওঁলোকে জনোৱা অনুসৰি ১৫ আৰু ১৭ মে'ত অনুষ্ঠিত হ'বলগীয়া মেচ দুখনৰ বাবে ৰাজস্থান ৰয়েলেছে কৰা অনুশীলন কাষৰ পৰা চাব পাৰিব স্থানীয় খেলুৱৈসকলে। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰে কিদৰে অনুশীলন কৰে সেয়া সন্মুখৰ পৰা চাব পাৰিব। ইয়োৰাপৰি ৰিয়ানৰ দৰে অধিক প্ৰতিভাৰ যাতে সৃষ্টি হয় সেয়ে ১৬ আৰু ১৯ অনূৰ্ধ্বৰ ক্ৰিকেটাৰসকলে কুমাৰ চাংগাকাৰাৰ সৈতে মত বিনিময়ৰো ব্যৱস্থা কৰিছে। তেওঁ তৰুণ ক্ৰিকেটাৰসকলক বিভিন্ন কৌশলৰ বিষয়ে অৱগত কৰিব।

উল্লেখ্য যে, অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন হোম গ্ৰাউণ্ড। এই খেল পথাৰত ২০২৩ ত ৰাজস্থানে দুখন মেচ খেলিছিল। দুয়োখন মেচতে অসমৰ ক্ৰিকেট অনুৰাগীয়ে ৰাজস্থান ৰয়েলছক সমৰ্থন জনোৱাৰ লগতে অসমৰ আতিথ্যত তেওঁলোক অভিভূত হৈ পৰিছিল বুলিও দলটোৰ মেনেজমেণ্টে জনাইছে।

তেওঁলোকে এইবাৰো অনুৰাগীৰ পৰা তেনেধৰণৰ সমৰ্থন আশা কৰিছে। বিশেষকৈ অসম সন্তান ৰিয়ান পৰাগে এইবাৰ আই পি এলত যিধৰণে প্ৰদৰ্শন দাঙি ধৰিছে সেই প্ৰদৰ্শনে অসমৰ ক্ৰিকেট অনুৰাগীক এই মেচ দুখনৰ বাবে অধিক উৎসাহী কৰি তুলিছে। ৰিয়ানৰ এনে প্ৰদৰ্শনে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ তৰুণ ক্ৰিকেটাৰক আই পি এলত খেলাৰ বাবে অধিক আগ্ৰহী কৰি তুলিছে বুলিও মন্তব্য কৰিছে দলটোৰ মেনেজমেণ্টে।

ইফালে ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াৰ আন্তঃগাঁথনিকো উচ্চ প্ৰশংসা কৰাৰ লগতে ষ্টেডিয়ামখন সুন্দৰকৈ সজাই পৰাই তোলাৰ লগতে সঠিকভাৱে তত্বাৱধান কৰি থকা অসম ক্ৰিকেট সন্থাকো প্ৰশংসা কৰে।

পঞ্জাৱ কিংছ আৰু কলকাতা নাইটৰাইডাৰ্ছৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া দুয়োখন মেচতে শিক্ষাৰ্থীৰ বাবে বিশেষ ৰেহাই মূল্যৰো টিকটৰ ব্যৱস্থা কৰিছে তেওঁলোকে। আগ্ৰহী শিক্ষাৰ্থীসকলে শিক্ষানুষ্ঠানৰ পৰা দিয়া পৰিচয়পত্ৰ দেখুৱাই মেচৰ ঠিক আগে আগে ৫০০ টকাৰ ৰেহাই মূল্যৰ টিকট ক্ৰয় কৰিব পাৰিব।

ইফালে আজিৰে পৰা বুক মাই শ্ব'ৰ জৰিয়তে ১৫ মে'ৰ মেচখনৰ বাবে অনলাইন টিকট উপলব্ধ হৈছে। অৱশ্যে ১৭ মে'ৰ মেচখনৰ টিকট এতিয়াও উপলব্ধ হোৱা নাই। দুয়োখন মেচ অধিক আকৰ্ষণীয় আৰু মনোৰঞ্জনমূলক কৰি তুলিবলৈ লেজাৰ লাইট শ্ব'ৰ লগতে শিল্পীৰ দ্বাৰা পৰিৱেশিত অনুষ্ঠানৰো ব্যৱস্থা কৰিছে।

অসমৰ তৰুণ ক্ৰিকেটাৰক কুমাৰ চাংগাকাৰে দিব টিপছঃ ৰাজস্থান ৰয়েলছৰ বিশেষ পদক্ষেপ...
ইমান ভাল পোৱা মোৰ কাৰণে আশীৰ্বাদ স্বৰূপ- হাৰ্দিক পাণ্ডিয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in